NORTHEAST NOW (Assamese)

উচ্চতা মাত্ৰ ১৮ ইঞ্চি! এইবাৰৰ কুম্ভ মেলাৰ প্ৰধান আকৰ্ষণ হ’ব এইগৰাকী নাগা সাধু

March 30, 2021 8:27 pm · এন ই নাও নিউজ

হৰিদ্বাৰত অনুষ্ঠিত হ’বলগীয়া বিশ্ব বিখ্যাত কুম্ভ মেলাৰ প্ৰস্তুতি এতিয়া তুংগত উঠিছে।

এনে সময়তে এগৰাকী নাগা সাধুৱে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে।

মাত্ৰ ১৮ ইঞ্চি উচ্চতাৰ এই গৰাকী নাগা সাধুৱে এইবাৰৰ কুম্ভ মেলাত ভাগ ল’ব বুলি ঘোষণা কৰিছে। সম্ভৱতঃ বিশ্বৰ আটাইতকৈ চাপৰ এই গৰাকী সাধুক চাবলৈ সেয়ে এইবাৰৰ কুম্ভ মেলা৩ত দেশ-বিদেশৰ ভক্তই হেতা-ওপৰা লগোৱাৰ সম্ভাৱনাই বেছি বুলি বহুতে মন্তব্য কৰিছে।

নাৰায়ণ নন্দ গিৰি মহাৰাজ নামৰ এই গৰাকী ১৮ ইঞ্চি উচ্চতাৰ নাগা সাধুৰ বয়স ৫৫ বছৰ।

অতি কম উচ্চতাৰ হোৱা বাবে তেওঁ থিয় হ’ব অথবা খোজ কাঢ়িব নোৱাৰে।

উমেশ নামৰ এগৰাকী ভক্তই তেওঁক বছৰৰ পিছত বছৰ ধৰি আলপৈচান ধৰি আহিছে।

শিৱ ভক্ত নৰায়ণ নন্দ গিৰি মহাৰাজে প্ৰতিদিনেই ভক্তি ভাবেৰে শিৱৰ আৰাধনা কৰি আহিছে। তেওঁৰ ভক্তৰ সংখ্যাও এতিয়া লাহে লাহে বাঢ়ি আহিবলৈ ধৰিছে।

অতি কম পৰিমাণে আহাৰ গ্ৰহণ কৰা নাগা সাধু গৰাকীৰ আশীৰ্বাদ ল’বলৈ প্ৰতিদিনে বহু ভক্ত তেওঁৰ কাষলৈ আহে।

তেওঁ দীৰ্ঘদিন ধৰি শিৱৰ তপস্যা কৰিছিল বুলিও বহুতে কৈ আহিছে।

সাধু গৰাকীৰ অৱশ্যে নিজস্ব কোনো স্থায়ী ঠিকনা নাই। তেওঁ সমগ্ৰ দেশ মাথো ভ্ৰমি ফুৰে। উল্লেখ্য এইবাৰৰ কুম্ভ মেলা ১ এপ্ৰিলৰ পৰা ৩০ এপ্ৰিললৈ চলিব।

Related News