NORTHEAST NOW (Assamese)
অসম

ওঠৰশ অতিক্ৰম অসমত ক’ভিড আৰোগ্যৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 13, 2020 9:25 pm
8329 persons cured of COVID-19 in Assam

আৰু ২১গৰাকী ব্যক্তিয়ে শনিবাৰে অসমত ক’ভিড-১৯ৰ পৰা আৰোগ্য লাভ কৰিছে।

এইসকলক ধৰি অসমত মুঠ আৰোগ্য ব্যক্তি ১৮০৫লৈ বৃদ্ধি পাইছে।

এইসকলৰ মাজত আছে বৰপেটাৰ ফকৰুদ্দিন আলি আহমেদ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ দহ, গুৱাহাটীৰ মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয়ৰ দহ আৰু তেজপুৰ চিকিৎসা মহাবিদ্যালয় আৰু হস্পিটেলৰ এগৰাকী ব্যক্তি।

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰত এই তথ্য সদৰী কৰিছে।

নমুনা পৰীক্ষাত নিগেটিভ ওলোৱাৰ পিছত তেওঁলোকক চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া হৈছে।

শনিবাৰৰ দিনটোত এইপৰ্য্যন্ত ২২১গৰাকী ক’ভিড মুক্ত ব্যক্তিক চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া হৈছে।

কিছু সময় পূৰ্বে আন ২০০গৰাকী ক’ভিড মুক্ত ব্যক্তিক চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া হৈছিল।

এইসকলক লোকে আৰোগ্য লাভ কৰাৰ বিপৰীতে অসমত বৰ্তমান সক্ৰিয় ক’ভিড আক্ৰান্তৰ সংখ্যা হৈছে ১৯০২গৰাকী।

অসমত চিনাক্ত মুঠ ক’ভিড-১৯ আক্ৰান্তৰ সংখ্যা হৈছেগৈ ৩৭১৮গৰাকী।

আঠগৰাকী ৰোগীৰ মৃত্যু হৈছে আৰু তিনিগৰাকীক স্থানান্তৰিত কৰা হৈছে।