NORTHEAST NOW (Assamese)

মধ্যাহ্ন ভোজন খোৱাৰ ফলত ১৮১ গৰাকী বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ স্বাস্থ্যৰ অৱনতি! ৯ গৰাকীৰ অৱস্থা সংকটজনক

August 18, 2024 11:15 am · নৰ্থ ইষ্ট নাও, গুৱাহাটী

মহাৰাষ্ট্ৰৰ ছাত্ৰপতি সম্ভাজীনগৰত মিড ডে মিল খাই ১৮১ গৰাকী স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ স্বাস্থ্যৰ অৱনতি ঘটে। ইয়াৰে ৯ গৰাকী ছাত্ৰ-ছাত্ৰীৰ অৱস্থা সংকটজনক বুলি কোৱা হৈছে, যিসকলক আন এখন চিকিৎসালয়লৈ স্থানান্তৰ কৰা হৈছে। এই বিস্কুট খোৱাৰ পাছত ছাত্ৰ-ছাত্ৰীৰ বমি অনুভৱ হ’বলৈ ধৰে, আনহাতে বহু ছাত্ৰ-ছাত্ৰীৰ হঠাৎ জ্বৰ অনুভৱ হয়।

এই ৯ গৰাকী ছাত্ৰ-ছাত্ৰীৰ স্বাস্থ্যৰ অৱনতি ঘটাৰ বাবে তেওঁলোকক চিকিৎসাৰ বাবে সম্ভাজী নগৰলৈ স্থানান্তৰ কৰা হৈছে। দুখন এম্বুলেন্স লৈ ছাত্ৰ-ছাত্ৰীক সম্ভাজীনগৰ চৰকাৰী চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ লগতে আৰু কিছুসংখ্যক ছাত্ৰ-ছাত্ৰীৰ অৱস্থা অধিক অৱনতি ঘটা বুলি জানিব পৰা গৈছে।

এই ঘটনা সংঘটিত হৈছে ছাত্ৰপতি সম্ভাজীনগৰ জিলাৰ পাইথান তালুকৰ কেকাট জলগাঁৱৰ জিলা পৰিষদ বিদ্যালয়ত। শনিবাৰ যিহেতু স্কুলীয়া ছাত্ৰ-ছাত্ৰীক খাদ্য বিতৰণ কৰা হয়। এই খাদ্য খোৱাৰ পাছত ছাত্ৰ-ছাত্ৰীৰ স্বাস্থ্যৰ অৱনতি ঘটিবলৈ ধৰিলে আৰু হঠাৎ জ্বৰ উঠে।

আটাইকেইগৰাকী ছাত্ৰ-ছাত্ৰীক চিকিৎসাৰ বাবে পাচোড় গ্ৰাম্য চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। ইয়াৰে একাংশ ছাত্ৰ-ছাত্ৰীৰ স্বাস্থ্যৰ অৱনতি ঘটে যাৰ বাবে তেওঁলোকক সম্ভাজী নগৰৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। ছাত্ৰ-ছাত্ৰীসকলৰ বাবে দুখন এম্বুলেন্সৰ ব্যৱস্থা কৰি সম্ভাজী নগৰৰ চৰকাৰী চিকিৎসালয়লৈ অনা হয়। এই বিষয়ত এতিয়ালৈকে প্ৰশাসনৰ কোনো আনুষ্ঠানিক বিবৃতি অহা নাই। এনে পৰিস্থিতিত এই সন্দৰ্ভত কেনেধৰণৰ তদন্ত চলি আছে সেয়া জানিব পৰা হোৱা নাই।

Related News