NORTHEAST NOW (Assamese)
অৰুণাচল

অৰুণাচলৰ ভাৰত-চীন সীমান্তত সন্ধানহীন অসমৰ ১৯ গৰাকী নিৰ্মাণ শ্ৰমিক

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী July 19, 2022 6:10 pm
Assam construction workersmissing

অৰুণাচল প্ৰদেশৰ ভাৰত-চীন সীমান্তৰ ওচৰৰ এটা দূৰৱৰ্তী অঞ্চলৰ পৰা অসমৰ প্ৰায় ১৯ গৰাকী নিৰ্মাণ শ্ৰমিক সন্ধানহীন হোৱাৰ খবৰ পোহৰলৈ আহিছে।

প্ৰকাশিত খবৰ অনুসৰি অৰুণাচলৰ কুৰুং কুমে জিলাৰ দামিন চক্ৰৰ এটা সীমান্ত পথ নিৰ্মাণ স্থানৰ পৰা দুসপ্তাহ ধৰি ১৯ জন পথ নিৰ্মাণ কৰ্মী সন্ধানহীন হৈ আছে।

আনহাতে শেহতীয়াকৈ কুমে নদীৰ উপনদী ফুৰাক নদীৰ পৰা উদ্ধাৰ কৰা এটা মৃতদেহ সন্ধানহীন শ্ৰমিকসকলৰ মাজৰে এজন বুলি সন্দেহ কৰা হৈছে।

জিলাখনৰ মুখ্য কাৰ্যালয়ৰ পৰা প্ৰায় ১৭০ কিলোমিটাৰ দূৰত অৱস্থিত হুৰি আৰু ৰূপা ভিলাগছেৰ মাজৰ এই ঘটনাস্থলীলৈ এজন কাৰ্যবাহী দণ্ডাধীশৰ সৈতে আৰক্ষীৰ এটা দলক অনুসন্ধানৰ বাবে প্ৰেৰণ কৰা হৈছে।

লগতে উদ্ধাৰ হোৱা মৃতদেহটোৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰিবলৈ ঘটনাস্থলীলৈ এটা চিকিৎসা দলো প্ৰেৰণ কৰা হৈছে।

সন্ধানহীন আটাইকেইগৰাকী নিৰ্মাণ শ্ৰমিক অৰুণাচল প্ৰদেশৰ কুমি নদীত ডুব যোৱাৰ আশংকা কৰা হৈছে। উল্লেখ্য যে সন্ধানহীন শ্ৰমিক কেইগৰাকী অসমৰ বৰপেটা, বাক্সা আৰু বঙাইগাঁও জিলাৰ বাসিন্দা।

নিৰ্মাণ শ্ৰমিক কেইগৰাকী সন্ধানহীন হৈ থকাৰ পিছত তেওঁলোকৰ কাম পৰিচালনা কৰা ঠিকাদাৰ গৰাকীয়ে ৫ জুলাইত এটা সন্ধানহীন অভিযোগ দাখিল কৰিছিল।

আনহাতে নিৰুদ্দেশ হৈ থকা শ্ৰমিক কেইজনে যোৱা সপ্তাহত ঈদ উদযাপন কৰিবলৈ তেওঁলোকৰ স্বগৃহলৈ অহাৰ বাবে ছুটিৰ আবেদন কৰিছিল।

কিন্তু তেওঁলোকৰ ছুটি অস্বীকাৰ কৰাৰ পিছত অৰুণাচল প্ৰদেশৰ দামিন চক্ৰৰ শ্ৰমিক শিবিৰৰ পৰা পলায়ন কৰাৰ অভিযোগ উত্থাপিত হৈছিল।

নিৰুদ্দিষ্ট শ্ৰমিকসকল অৰুণাচল প্ৰদেশৰ দামিনৰ পৰা হুৰিলৈ বিআৰঅ’ পথ নিৰ্মাণত নিয়োজিত আছিল। অৰুণাচল প্ৰদেশৰ কুৰুং কুমে জিলাৰ উপায়ুক্ত নিঘি বেংগিয়াই জানিবলৈ দিয়া অনুসৰি আৰক্ষীয়ে সম্প্ৰতি বিষয়টোৰ তদন্ত কৰি আছে।

অৱশ্যে এই সন্দৰ্ভত কোনো তথ্য এতিয়ালৈকে উদ্ধাৰ কৰিব পৰা নাই বুলিও তেওঁ লগতে দোহাৰে।