NORTHEAST NOW (Assamese)
Popular Stories

জীৱৰ মায়া! বন্ধু কাছৰ সৈতে একেটা আপেলকে ভগাই খালে চিম্পাঞ্জীয়ে

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী July 19, 2022 7:07 pm
Viral video

সামাজিক মাধ্যমত সময়ে সময়ে ভাইৰেল হৈ পৰা কিছুমান ভিডিঅ’ই ব্যাপক চৰ্চা লাভ কৰে। এনে ভিডিঅ’ সমূহৰ অধিকাংশই মূলত: মনোৰঞ্জনধৰ্মী হ’লেও এনে কিছু ভিডিঅ’ও থাকে, যি ভিডিঅ’ই আমাক মানসিক প্ৰশান্তি প্ৰদান কৰে। এনে ভিডিঅ’বোৰে ব্যক্তিৰ মন:স্তাত্বিক জগতখনক আন্দোলিত কৰি তোলে।

বিশেষকৈ সামাজিক মাধ্যমত এনেদৰে ভাইৰেল হৈ পৰা অবোধ জীৱ-জন্তুৰ কিছুমান ভিডিঅ’ই সকলোৰে অন্তৰ স্পৰ্শ কৰে। সম্প্ৰতি এনে এক ভিডিঅ’ই সামাজিক মাধ্যম ব্যৱহাৰকাৰী সকলক ব্যাপকভাৱে প্ৰভাৱিত কৰি তুলিছে।

মানুহৰ দৰে জন্তুৱেও অনুভৱ কৰে আৱেগ-অনুভূতি, বুজি পায় আৱেগিক সম্পৰ্ক। অবোধ জন্তুৰ এনে আৱেগপ্ৰৱণ চৰিত্ৰক আকৌ এবাৰ প্ৰমাণিত কৰিছে এটি ভাইৰেল ভিডিঅ’ই।

বুইটেংগেবিডেন নামৰ এটা টুইটাৰ হেণ্ডেলৰ পৰা পোষ্ট কৰা ভিডিঅ’টোত দেখিবলৈ পোৱা গৈছে দুটা চিম্পাঞ্জী আৰু এটা কাছক। ইয়াৰে এটা চিম্পাঞ্জীয়ে হাতত লৈ থকা এটা আপেল নিজে একামোৰ মাৰি আগবঢ়াই দিয়ে কাছটোৰ মুখলৈ। চিম্পাঞ্জীটোৰ হাতৰ পৰাই কাছটোৱেও আপেলত দিয়ে কামোৰ।

 

ভিডিঅ’টো পোষ্ট কৰাৰ পিছতে সামাজিক মাধ্যমত তড়িৎ গতিত বিয়পি পৰে। ভিডিঅ’টোৰ এই দৃষ্টিনন্দন দৃশ্যই হৃদয় জিনে সামাজিক মাধ্যম ব্যৱহাৰকাৰী সকলৰ।

সামাজিক মাধ্যম ব্যৱহাৰকাৰীসকলে চিম্পাঞ্জীটোৰ এই আচৰণৰ বাবে প্ৰশংসাৰে উপচাই পেলাইছে। সম্প্ৰতি ভিডিঅ’টোৱে টুইটাৰত প্ৰায় ৯ নিযুতৰ ওচৰা-ওচৰি দৰ্শন লাভ কৰিছে।

ভিডিঅ’টোৰ প্ৰতি এনে সঁহাৰিয়ে স্বাভাৱিকতেই জীৱ-জন্তুৰ প্ৰতি থকা এই লোকসকলৰ আন্তৰিক প্ৰেম প্ৰকাশ কৰিছে।