NORTHEAST NOW (Assamese)
Popular Stories

১৯খনকৈ জিলাত নহয় বৰষুণ! বতৰ বিজ্ঞান বিভাগে দিলে আগলি-বতৰা…

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 16, 2025 2:30 pm
১৯খনকৈ জিলাত নহয় বৰষুণ! বতৰ বিজ্ঞান বিভাগে দিলে আগলি-বতৰা…

এজাক আশাৰ বৰষুণৰ অপেক্ষাত প্ৰতিগৰাকী মহানাগৰিক। বৰষুণৰ অভাৱত ধূলিময় হৈ পৰিছে গুৱাহাটীৰ আকাশ-বতাহ। মাৰ্চ মাহতে বৃদ্ধি পাইছে উত্তাপ। এইবাৰ বতৰ বিজ্ঞান বিভাগে দিলে আগজাননী।

লাভ কৰা তথ্য অনুসৰি কোকৰাঝাৰ জিলাত আজি বৰষুণ হোৱাৰ হোৱা সম্ভাৱনা নাই।

ৰাজ্যিক সংবাদ প্ৰতিষ্ঠান নিউজ ১৮ অসমত প্ৰকাশিত বাতৰি অনুসৰি, ধুবুৰী, দক্ষিণ শালমৰা, গোৱালপাৰা, বঙাইগাঁও, চিৰাং, বাক্সা, বজালী, বৰপেটা, নলবাৰী, কামৰূপ, কামৰূপ(মহানগৰ), তামুলপুৰ, ওদালগুৰি, দৰং, মৰিগাঁও, পশ্চিম কাৰ্বি আংলং, হোজাই, নগাঁও, শোণিতপুৰ, বিশ্বনাথ, গোলাঘাটত জিলাৰ আজি দুই এঠাইত আজি কিছু পৰিমাণে বৰষুণ হোৱাৰ সম্ভাৱনা আছে।

হাইলাকান্দি, শ্ৰীভূমি, কাছাৰ, ডিমা হাচাও, কাৰ্বি আংলং, যোৰহাট, শিৱসাগৰ, চৰাইদেউ, ডিব্ৰুগড়, তিনিচুকীয়া, ধেমাজি, লখিমপুৰ, মাজুলী জিলাৰ কিছু কিছু ঠাইত আজি বৰষুণ হোৱাৰ সম্ভাৱনা আছে।

কোকৰাঝাৰ, ধুবুৰী, দক্ষিণ শালামৰা, গোৱালপাৰা, বঙাইগাঁও, চিৰাং, বাক্সা, বজালী, বৰপেটা, নলবাৰী, কামৰূপ, কামৰূপ(মহানগৰ), তামুলপুৰ, ওদালগুৰি, দৰং, মৰিগাঁও, পশ্চিম কাৰ্বি আংলং, হোজাই, নগাঁও জিলাত সোমবাৰে বৰষুণ হোৱাৰ সম্ভাৱনা নাই।

শোণিতপুৰ, বিশ্বনাথ, কাৰ্বি আংলং, লখিমপুৰ দুই এঠাইত কিছু পৰিমাণে বৰষুণ হোৱাৰ সম্ভাৱনা আছে।

গোলাঘাট, যোৰহাট, শিৱসাগৰ, চৰাইদেউ, ডিব্ৰুগড়, তিনিচুকীয়া, ধেমাজি, মাজুলী জিলাত কিছু কিছু ঠাইত সোমবাৰে বৰষুণ হোৱাৰ সম্ভাৱনা আছে।

হাইলাকান্দি, শ্ৰীভূমি, কাছাৰ, ডিমা হাচাও, কাৰ্বি আংলং জিলাৰ সকলো স্থানতে বৰষুণ হোৱাৰ সম্ভাৱনা আছে।