NORTHEAST NOW (Assamese)
অসম

মোদীৰ শিলচৰ সভাৰ প্ৰস্তুতিত কেণা; নিহত এজন, আহত ২

Posted by: এন ই নাও নিউজ January 3, 2019 6:16 pm
’19 LS election: Man dies while preparing for PM Modi rally in Assam’s Silchar

উত্তৰ-পূবত বিজেপিৰ ’১৯ৰ নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰি প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শিলচৰত সম্বোধন কৰিব লগা জনসভাৰ ব্যাপক প্ৰস্তুতিৰ মাজতে বিদ্যুৎস্পৃষ্ট হৈ মৃত্যুক সাবটিছে মন্তোষ দাস নামৰ এজন লোকে।

সভাখনৰ মাত্ৰ এদিন পূৰ্বে বৃহস্পতিবাৰে ৰাতিপুৱা প’স্তাৰ আঁৰি থকা অৱস্থাত ভুলতে বিদ্যুতৰ তাঁৰত হাত লাগি দাসৰ থিতাতে মৃত্যু হোৱাৰ লগতে আহত হৈছে তেওঁৰ দুজন সহযোগী, এই খবৰ barakbulletin.comৰ।

“আহত দুজনৰ এজন স্থানীয় ভেলি হস্পিতেলত চিকিৎসাধীন হৈ থকাৰ বিপৰীতে গুৰুতৰভাৱে আহত আনজন লোকক শিলচৰ চিকিৎসা মহাবিদ্যালয় হস্পিতেলত ভৰ্তি কৰোৱা হৈছে,” স্থানীয় লোকৰ উদ্ধৃতিৰে প’ৰ্তেলটোৰ বাতৰিত প্ৰকাশ।

আহত এজনক বুলন শাহ বুলি চিনাক্ত কৰাৰ বিপৰীতে আনজনৰ পৰিচয় ঘটনাৰ সময়ত উদ্ধাৰ হোৱা নাছিল।

মৃত দাসৰ ঘৰ কৰিমগঞ্জৰ পাকুয়াত। বৃত্তিত তেওঁ আছিল শাক-পাচলিৰ ব্যৱসায়ী।