NORTHEAST NOW (Assamese)
অসম

ৰাজ্যৰ ৪৩ টা কেন্দ্ৰত পুনৰ ভোটগ্ৰহণ, লখিমপুৰতেই সৰ্বাধিক বিসংগতি

Posted by: অনিৰ্বাণ পাঠক Updated by: অনিৰ্বাণ পাঠক December 6, 2018 6:30 pm
d9fafc7e-1c80-4ff3-b65a-06f4806b730b

পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ সময়ত ৰাজ্যৰ বিভিন্ন জিলাৰ বহুকেইটা ভোটগ্ৰহণ কেন্দ্ৰত সংঘটিত হোৱা ব্যাপক খেলিমেলিৰ বাবে ব্যাহত হৈছিল ভোটগ্ৰহণ প্ৰক্ৰিয়া। এতিয়া কেন্দ্ৰসমুহত পুনৰ ভোটগ্ৰহণ অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্যিক নিৰ্বাচন আয়োগে।

ৰাজ্যিক নিৰ্বাচন আয়ুক্ত হৰেন্দ্ৰ নাথ বৰাই আজি সংবাদ মাধ্যমক সম্বোধন কৰি কালি ভোট গ্ৰহণ বাতিল হোৱা ৰাজ্যৰ মুঠ ৪৩ টা কেন্দ্ৰত পুনৰ ভোট গ্ৰহণ অনুষ্ঠিত কৰা হ’ব বুলি জানিবলৈ দিয়ে। ইয়াৰ ভিতৰত লখিমপুৰ জিলাতেই সৰ্বাধিক ২৭ টা কেন্দ্ৰ আছে বুলি তেওঁ সদৰি কৰে।

বাকী ভোটগ্ৰহণ কেন্দ্ৰসমুহৰ ভিতৰত কামৰূপ গ্ৰাম্যত ৩ টা, ধেমাজিত ৪ টা, ঢকুৱাখনাত ২ টা, শিৱসাগৰত ২ টা, চৰাইদেউত এটা, বিশ্বনাথত এটা, তিতাবৰত এটা আৰু গহপুৰত ২ টা কেন্দ্ৰ আছে।

লখিমপুৰ জিলাৰ ২৭ টা কেন্দ্ৰত অহা ১০ ডিচেম্বৰত পুনৰ ভোটগ্ৰহণ অনুষ্ঠিত হোৱাৰ বিপৰীতে আনবোৰ কেন্দ্ৰত কাইলৈ (অৰ্থাৎ ৭ ডিচেম্বৰত) পুৱা ৭ বজাৰ পৰা পুনৰ ভোট গ্ৰহণ অনুষ্ঠিত হ’ব।

ইপিনে, কালি অনুষ্ঠিত হোৱা প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ দিনা মুঠ ৭৪.৩২ শতাংশ ভোটগ্ৰহণ হয় বুলি ৰাজ্যিক নিৰ্বাচন আয়ুক্ত হৰেন্দ্ৰ নাথ বৰাই জানিবলৈ দিয়ে। অৱশ্যে ৯ খন নিৰ্বাচনী জিলাৰ ৪৩ টা কেন্দ্ৰত পুনৰ ভোটগ্ৰহণ অনুষ্ঠিত হোৱাৰ পাছত এই হাৰ বৃদ্ধি পোৱাৰ আশা ব্যক্ত কৰে বিষয়াগৰাকীয়ে।

কালি অনুষ্ঠিত প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণত দৰং জিলাত সৰ্বাধিক ৮১.৫২ শতাংশ ভোটাৰে ভোটদান কৰে। ইয়াৰ বিপৰীতে শদিয়াত ভোটদানৰ হাৰ প্ৰথম পৰ্যায়ৰ সৰ্বনিম্ন। মহকুমাটোত ৬৫.৫৮ শতাংশ ভোটাৰে কালি ভোটাধিকাৰ সাব্যস্ত কৰে।

একেদৰে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সমষ্টি মাজুলীত ৭৮.৮১ শতাংশ ভোটাৰে ভোটদান কৰে।