NORTHEAST NOW (Assamese)

নগাঁও জিলাৰ ৭টা বিধান সভা সমষ্টিত ১৯০০টা ভোটগ্ৰহণ কেন্দ্ৰত ভোটাৰে কৰিব ভোটদান

February 28, 2021 10:27 am · মুৰলী বৰুৱা

 নগাঁও জিলাৰ নিৰ্বাচনী কাৰ্যালয়ৰ অন্তৰ্গত ৭ টা বিধান সভা সমষ্টিৰ নিৰ্বাচনৰ বাবে জিলা প্ৰশাসনে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে।

সেই অনুসৰি, প্ৰথম পৰ্যায়ত হ’ব লগা নগাঁও জিলা নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ৰ অন্তৰ্গত চামগুৰি, ৰূপহীহাট, ধি‌ং আৰু বটদ্ৰৱা এই চাৰিটা বিধান সভা সমষ্টিত নিৰ্বাচনৰ আনুষ্ঠানিক অধিসুচনা অহা ২ মাৰ্চত কৰা হ’ব বুলি নগাঁও জিলা উপায়ুক্ত তথা ৰিটাৰ্নিং বিষয়া কবিথা পদ্মনাভনে আয়োজন কৰা এক সংবাদ মেলত  জানিবলৈ দিয়ে।

তেওঁ জনোৱা মতে, প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন ৯ মাৰ্চ। ১০ মাৰ্চত মনোনয়ন পত্ৰ পৰীক্ষা কৰা হ’ব। ১২ মাৰ্চ মনোনয়ন পত্ৰ প্ৰত্যাহাৰ শেষ দিন। এই চাৰিটা সমষ্টিত ২৭ মাৰ্চত নিৰ্বাচন অনুষ্ঠিত হ’ব।

আনহাতে, নগাঁও নিৰ্বাচনী বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত দ্বিতীয় পৰ্যায়ত হ’বলগা সমষ্টি ক্ৰমে নগাঁও সদৰ, ৰহা আৰু বঢ়মপুৰ সমষ্টিৰ নিৰ্বাচনৰ বাবে ৫ মাৰ্চত আনুষ্ঠানিক অধিসুচনা জাৰি কৰা হ’ব।

১২ মাৰ্চ মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন ধাৰ্য কৰা হৈছে। ১৫ মাৰ্চত মনোনয়ন পত্ৰ পৰীক্ষা কৰাৰ লগতে ১৭ মাৰ্চ মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন ধাৰ্য কৰা হৈছে। ১ এপ্ৰিলত উক্ত তিনিটা সমষ্টিত ভোট গ্ৰহণ অনুষ্ঠিত হ’ব।

উপায়ুক্ত গৰাকীয়ে জনোৱা মতে, নগাঁও জিলাৰ উল্লেখিত ৭টা বিধান সভা সমষ্টিত ১৯০০টা ভোট গ্ৰহণ কেন্দ্ৰ আৰু ৩৮০ টা অতিৰিক্ত ভোট গ্ৰহণ কেন্দ্ৰ স্থাপন কৰা হ’ব।

লগতে তেওঁ জানিবলৈ দিয়ে যে যিবিলাক কেন্দ্ৰত ১০০০ তকৈ অধিক ভোটাৰ থাকিব, সেই এলেকাত অতিৰিক্ত ভোট গ্ৰহণ কেন্দ্ৰ স্থাপন কৰা হ’ব।

নিৰ্বাচন আয়োগে দিয়া সকলো নিৰ্দেশনা সকলোৱে মানি চলিব লাগিব বুলি উপায়ুক্ত গৰাকীয়ে জানিবলৈ দিয়ে। ইতিমধ্যে এই সন্দৰ্ভত এই বিভিন্ন ৰাজনৈতিক দলৰ লগত আলোচনা কৰা হৈছে।

ইপিনে, কলিয়াবৰ জিলা নিৰ্বাচনী বিষয়াৰ অন্তৰ্গত কলিয়াবৰ বিধান সভা সমষ্টিত প্ৰথম পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ’ব।

Related News