NORTHEAST NOW (Assamese)
অসম

অসমত ১৯৭৩ নতুন ক’ভিড আক্ৰান্ত, পজিটিভৰ হাৰ ৫.৭৫%

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 25, 2020 10:36 pm
642 persons test Covid19 positive in Assam on Saturday

১৯৭৩গৰাকী ব্যক্তি অসমত মঙলবাৰে ক’ভিড১৯ পজিটিভ চিনাক্ত হৈছে।

টেষ্টৰ তুলনাত পজিটিভৰ হাৰ হৈছে ৫.৭৫ শতাংশ।

যোৱা ২৪ ঘণ্টাত ৩৪,৩০৭টা ক’ভিড টেষ্টত এইসকল ব্যক্তি পজিটিভ চিনাক্ত হৈছে।

পজিটিভ চিনাক্তসকলৰ ভিতৰত আছে কামৰূপ মহানগৰৰ ৫১০, কাছাৰৰ ১৪৯, যোৰহাটৰ ১৩২, কামৰূপৰ ১২১ আৰু ডিব্ৰুগড়ৰ ১১৬গৰাকী ব্যক্তি।

ইফালে আৰু আঠগৰাকী ক’ভিড ৰোগীৰ মৃত্যুৰ সৈতে অসমত মঙলবাৰলৈকে মুঠ মৃতকৰ সংখ্যা ২৬০লৈ বৃদ্ধি পাইছে।

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰত এই তথ্য সদৰী কৰিছে।

নতুনকৈ পজিটিভসকলক ধৰি অসমত চিনাক্ত মুঠ ক’ভিড আক্ৰান্তৰ সংখ্যা ৯৪,৫৯২লৈ বৃদ্ধি পাইছে।

ইয়াৰে তিনিগৰাকী আন ঠাইলৈ স্থানান্তৰিত হৈছে।

অসমত এতিয়ালৈকে সক্ৰিয় ৰোগীৰ সংখ্যা হৈছে ২১,২৩৯ (।)