NORTHEAST NOW (Assamese)
অসম

গৰুখুঁটীৰ হিংসাত্মক ঘটনাত জড়িত দুজনক আটক

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী September 27, 2021 2:17 pm
2 Arrested In Connection To Instigating Violence In Gorukhuti

যোৱা বৃহস্পতিবাৰে গৰুখুঁটীৰ উচ্ছেদৰ সময়ত সংঘটিত হিংসাত্মক ঘটনা সন্দৰ্ভত সোমবাৰে দুজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে।

সূত্ৰ অনুসৰি, গ্ৰেপ্তাৰ কৰা লোক দুজনে চিপাঝাৰৰ গৰুখুঁটীৰ হিংসাত্মক ঘটনাত উচটনি দিছিল বুলি অভিযোগ কৰা হৈছে।

গ্ৰেপ্তাৰ কৰা দুজনৰ ভিতৰত এজনক সোনোৱা গাওঁ পঞ্চায়তৰ সভাপতি চান মামুদ হিচাপে চিনাক্ত কৰা হৈছে।

আটক কৰা আনজন ব্যক্তি বজনা পথাৰ গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি আসমাট আলি বুলি জানিব পৰা গৈছে।

গ্ৰেপ্তাৰ কৰা দুয়োজন ব্যক্তি ছিপাঝাৰৰ চৰ-চাপৰী অঞ্চলৰ বাসিন্দা।

ইফালে, গ্ৰেপ্তাৰ কৰা দুয়োজনকে জিম্মাত লোৱা হয় আৰু ছিপাঝাৰ আৰক্ষী থানাত ৰখা হয়।

ছিপাঝাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা দুজন ব্যক্তিক অধিক তথ্য উদ্ধাৰৰ বাবে জেৰা কৰিছে।

আনহাতে উক্ত হিংসাত্মক ঘটনাৰ সময়ত আৰক্ষীৰ বৰ্বৰতাৰো সমালোচনা হৈছিল।

ফটো সাংবাদিক বিজয় বণিয়াক যদিও আটক কৰা হৈছে, ঘটনাত জড়িত আৰক্ষীৰ ক্ষেত্ৰত কোনো শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা নাই।

বৰ্বৰভাৱে দুজন ব্যক্তিক হত্যা কৰাৰ পাছতো আৰক্ষীৰ জোৱান কেইজন সাৰি যাব নেকি বুলিও এতিয়া প্ৰশ্ন উত্থাপিত হৈছে।