NORTHEAST NOW (Assamese)

এন আৰ চি : ভাৰতীয় নাগৰিকৰ তালিকাত নাম নাই জন প্ৰতিনিধিৰ

August 31, 2019 2:01 pm · এন ই নাও নিউজ
Updated: August 31, 2019 2:10 pm
কাটিগড়া সমষ্টিৰ দুবাৰৰ প্ৰাক্তন বিধায়ক আটাউৰ ৰহমান মাঝাৰভূঞা শনিবাৰে নিজা বাসগৃহত।

শনিবাৰে অসমত প্ৰকাশ পালে ৰাষ্ট্ৰীয় নাগৰিকৰ চূড়ান্ত তালিকা।

প্ৰকাশ পোৱা এন আৰ চিৰ ভাৰতীয় নাগৰিকৰ তালিকাত নাম নুঠিল জন প্ৰতিনিধি তথা তেওঁলোকৰ পৰিয়ালৰ সদস্যৰ নাম।

স্বাভাৱিকতে এতিয়া তেওঁলোকক ‘বিদেশী’ হিচাপে বিবেচনা কৰা হ’ব পাৰে।

কেইজনমান ৰাজনৈতিক নেতা, বিশেষকৈ ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ প্ৰতিনিধিয়ে শনিবাৰে পুৱাৰ ভাগত প্ৰকাশ পোৱা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ (এন আৰ চি) চূড়ান্ত তালিকাত নাম অন্তৰ্ভুক্ত কৰাত ব্যৰ্থ হয়।

অল ইণ্ডিয়া ডেম’ক্ৰেটিক ফ্ৰন্ট (এআইয়ুডিএফ)ৰ দক্ষিণ অভয়াপুৰীৰ বিধায়ক অনন্ত কুমাৰ মালো আৰু তেওঁৰ পুত্ৰৰ নাম এন আৰ চিৰ চূড়ান্ত তালিকাৰ পৰা বাদ পৰিছে।

দলগাঁও সমষ্টিৰ কংগ্ৰেছী বিধায়ক ইলিয়াছ আলীৰ কন্যাৰ নামো এন আৰ চিৰ চূড়ান্ত তালিকাৰ পৰা বাদ পৰিছে।

আনহাতে, কাটিগড়া সমষ্টিৰ প্ৰাক্তন এআইয়ুডিএফৰ বিধায়ক আতাউৰ ৰহমান মাঝাৰভূঞাৰ নামো চূড়ান্ত তালিকাত নাই।

Related News