NORTHEAST NOW (Assamese)
অসম

মণিপুৰ বিধানসভা চৌহদৰ বাহিৰত সংঘটিত গ্ৰেনেড বিস্ফোৰণত দুজন চি আৰ পি এফৰ জোৱান আহত

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 23, 2019 11:36 am
Manipur Granade blast

মণিপুৰৰ ইম্ফলত শুকুৰবাৰে সংঘটিত হোৱা গ্ৰেনেড বিস্ফোৰণত দুজন চি আৰ পি এফৰ জোৱান আহত হয়।

ইম্ফলৰ থাংমেইবাণ্ড অঞ্চলত থকা মণিপুৰৰ বিধানসভা চৌহদৰ বাহিৰত শুকুৰবাৰে সন্ধিয়া ৫.১৫ মিনিটত বিস্ফোৰণটো সংঘটিত হয়।

আৰক্ষীয়ে সূত্ৰই প্ৰকাশ কৰা মতে, সন্দেহযুক্ত উগ্ৰপন্থীয়ে বিধানসভা চৌহদৰ বাহিৰত সংঘটিত কৰা গ্ৰেনেড বিস্ফোৰণৰ ফলতে কৰ্তব্যৰত চি আৰ পি এফৰ জোৱান দুজন আঘাতপ্ৰাপ্ত হয়।

‘‘গ্ৰেনেডৰ আক্ৰমণত বিধানসভা চৌহদৰ বাহিৰত কৰ্তব্যৰত থকা চি আৰ পি এফৰ জোৱান দুজন আহত হয়,’’ আৰক্ষীয়ে সূত্ৰত প্ৰকাশ।

মণিপুৰত নিযুক্ত চি আৰ পি এফৰ ৮৭ বেটেলিয়নৰ আঘাতপ্ৰাপ্ত জোৱান দুগৰাকীক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

সম্প্ৰতি দুয়োগৰাকী জোৱানে সংকট মুক্ত বুলি জানিব পৰা গৈছে।

আনহাতে, বিস্ফোৰণ সংঘটিত কৰা সন্দেহযুক্ত সন্ত্ৰাসবাদীৰ সন্ধানত নিৰাপত্তাৰক্ষী বাহিনীয়ে অভিযান অব্যাহত ৰাখিছে।