NORTHEAST NOW (Assamese)
অসম

গৰ্ভধাৰণৰ পাছত বলিউডত কোনোধৰণৰ অভিনয়ৰ প্ৰস্তাৱ লাভ কৰা নাই জনপ্ৰিয় অভিনেত্ৰী নেহা ধুপিয়াই

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 23, 2019 10:27 am
Neha Dhupia

গৰ্ভধাৰণ কৰাৰ পাছত বলিউডত কোনোধৰণৰ কাম লাভ কৰা নাই জনপ্ৰিয় অভিনেত্ৰী নেহা ধুপিয়াই।

‘‘গৰ্ভধাৰণৰ পাছত মোলৈ কোনোধৰণৰ চলচ্চিত্ৰত অভিনয় কৰাৰ প্ৰস্তাৱ অহা নাই, আনকি মই এটা সন্তান জন্ম দিয়াৰ পাছতো কামৰ প্ৰস্তাৱ অহা নায়,’’ নেহা ধুপিয়াই আক্ষেপেৰে কয়।

‘‘গৰ্ভধাৰণৰ পূৰ্বে শেষবাৰৰ বাবে মই তুমহাৰি চালু নামৰ ছবিখনত কাম কৰিছিলো আৰু বঁটা লাভ কৰিবলৈ সক্ষম হৈছিলো,’’ অভিনেত্ৰীগৰাকীয়ে লগতে কয়।

অভিনেত্ৰীগৰাকীয়ে এগৰাকী মহিলা সাংবাদিকে তেওঁৰ বেছি ওজনৰ বাবে বেয়াকৈ সমালোচনা কৰিছে বুলিও উল্লেখ কৰে।

ধুপিয়াই কয় এগৰাকী মাতৃৰ শৰীৰৰ বিষয়ে এনেদৰে মন্তব্য কৰাটো উচিত নহয়।

এসময়ত বলিউদ চলচ্চিত্ৰ জগতত অভিনয় কৰি সকলো চিনাকী হৈ পৰা অভিনেত্ৰী নেহা ধুপিয়াই অভিনয় কৰা কেইখনমান উল্লেখযোগ্য ছবি হ’ল- ক্যা কুল হে হম, চুপ চুপ কে, সিং ইজ কিং, শ্বুট এট লোখণ্ডৱালা ইত্যাদি।

১৯৮০ চনত কেৰালাৰ কোচিত জন্মগ্ৰহণ কৰা অভিনেত্ৰী গৰাকীয়ে হিন্দীৰ লগতে পাঞ্জাৱী, তেলেগু আৰু মালায়ালাম চলচ্চিত্ৰটো অভিনয় কৰিছে।