NORTHEAST NOW (Assamese)
Popular Stories

বিশিষ্ট অভিনেত্ৰী, শ্বাবানা আজমিৰ মাতৃ শৌকাট কাইফিৰ মৃত্যু

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 23, 2019 10:07 am

বিশিষ্ট অভিনেত্ৰী তথা শ্বাবানা আজমিৰ মাতৃ শৌকাট কাইফিয়ে শুকুৰবাৰে শেষ নিশ্বাস ত্যাগ কৰে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৯৩ বছৰ।

শ্বাবানা আজমিৰ পতি, বিশিষ্ট লেখক-গীতীকাৰ জাবেদ আখটাৰে সংবাদ মাধ্যমৰ আগত এই তখা নিশিষ্ট কৰে।

বাৰ্ধক্যজনিত কাৰণত মৃত্যু হোৱা বুলি জানিবলৈ দি আখটাৰে কয়, ‘তেওঁক কোকিলাবেন ধিৰুভাই আম্বানি হস্পিতালত ভৰ্তি কৰোৱা হৈছিল, কেইটামান দিন তেওঁ ICUটো থাকিব লগা হয়।‘

আজিৰ দিনৰ ভাগত কাইফিৰ শেষকৃত্য সম্পূৰ্ণ কৰা হ’ব।

শৌকাট আজমি হিচাপেও পৰিচিত কাইফি ‘বাজাৰ’, ‘উমৰাও জান’ আৰু মিৰা নায়াৰৰ অস্কাৰ মনোনিত ‘ছালাম বম্বেই!’ আদি চিনেমাত কৰা অনবদ্য অভিনয়ৰ বাবে বিশেষভাৱে সমাদৃত।

উল্লেখযোগ্য যে শৌকাট আজমি আৰু তেওঁৰ পতি বিখ্যাত উৰ্দু কবি তথা গীতিকাৰ কাইফি আজমি ভাৰতীয় কমিউনিষ্ট দলৰ সাংস্কৃতিক মঞ্চ ভাৰতীয় গণনাট্য সংঘ (IPTA) আৰু প্ৰগতিশীল লেখক সংঘ (PWA)ৰ সৈতে ঘনিষ্ঠভাৱে জড়িত আছিল।