NORTHEAST NOW (Assamese)
দেশ

বিহাৰৰ বাবা মহেন্দ্ৰ নাথ মন্দিৰত পদপিষ্ট হৈ দুই ভক্তৰ মৃত্যু, দুজন আহত

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী July 18, 2022 7:00 pm
stampede in temple

বিহাৰৰ চিৱানস্থিত বাবা মহেন্দ্ৰ নাথ মন্দিৰত আজি সংঘটিত হৈছে এক আকস্মিক দুৰ্ঘটনা। এই দুৰ্ঘটনাত দুগৰাকী মহিলাৰ মৃত্যু হোৱাৰ লগতে আহত হৈছে দুগৰাকী মহিলা।

হিন্দু সকলৰ ধৰ্মবিশ্বাস অনুসৰি শাওন মাহৰ প্ৰথমটো শনিবাৰে মহাদেৱ শিৱৰ পূজা কৰা হয়। এই উদ্দেশ্যেই আজি মন্দিৰত সমাগম হৈছিল অসংখ্য ভক্তৰ।

মন্দিৰ চৌহদত এনে বিশাল ভিৰৰ বাবে এক অস্থিৰ পৰিৱেশৰ সৃষ্টি হয় আৰু ভক্তৰ ঠেলা-হেঁচাত পদপিষ্ট হৈ এই দুগৰাকী মহিলাই মৃত্যুক সাবটি লয়।

আনহাতে ঠেলা-হেঁচাত মাটিত বাগৰি পৰা আন দুগৰাকী মহিলাও গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়।

আঘাতপ্ৰাপ্ত মহিলাসকলক তাৎক্ষণিকভাৱে স্থানীয় এখন চিকিৎসালয়লৈ লৈ যোৱা হয়। অৱশ্যে দুয়োগৰাকী সম্প্ৰতি সংকটমুক্ত বুলি জানিব পৰা গৈছে।

আনহাতে নিহত দুই মহিলাক মন্দিৰৰ কাষৰীয়া অঞ্চলৰ বাসিন্দা লীলাৱতী দেৱী (৪২) আৰু সুহাগমতী দেৱী (৪০) বুলি চিনাক্ত কৰা হৈছে।