NORTHEAST NOW (Assamese)
অসম

সংৰক্ষিত পদ অসংৰক্ষিত কৰিব নোৱাৰিব; নিৰ্দেশ কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয়ৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী January 29, 2024 12:31 pm

কোনো সংৰক্ষিত পদ সংৰক্ষিত নোহোৱাকৈ থাকিব নোৱাৰিব। এই নিৰ্দেশ দিছে কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয়ে। কিছুদিন পূৰ্বে ইউজিচি অৰ্থাৎ বিশ্ববিদ্যালয় অনুদান আয়োগে এটা প্ৰস্তাৱ আগবঢ়াইছিল। ইয়াত কোৱা হৈছিল যে যদিহে প্ৰাৰ্থীৰ সংখ্যা প্ৰচুৰ হয় তেন্তে সংৰক্ষিত পদ অৰ্থাৎ অনুসূচিত জাতি, অনুসূচিত জনজাতি আৰু অ’বিচিৰ বাবে সংৰক্ষিত আসন অসংৰক্ষিত কৰা হ’ব পাৰে। সেই প্ৰস্তাৱক লৈ বিতৰ্ক আৰম্ভ হয়। তাৰেই স্পষ্টীকৰণ দি এই নিৰ্দেশনা দিছে শিক্ষা মন্ত্ৰালয়ে।

বিশ্ববিদ্যালয় অনুদান আয়োগৰ উক্ত প্ৰস্তাৱক বিভিন্ন পক্ষৰ পৰা সমালোচনা কৰা হৈছে। উচচ শিক্ষানুষ্ঠানত অনুসূচিত জাতি, অনুসূচিত জনজাতি আৰু অ’বিচিৰ বাবে সংৰক্ষণৰ অন্ত পেলোৱাৰ ‘ষড়যন্ত্ৰ’ চলি থকাৰ অভিযোগ উত্থাপন কৰি কংগ্ৰেছে অভিযোগ কৰে যে মোডী চৰকাৰে কেৱল দলিত, পিছপৰা শ্ৰেণী আৰু জনজাতিৰ বিষয়ত ‘প্ৰতীকী ৰাজনীতি’হে খেলিছে।

ইপিনে, সোমবাৰে এই বিষয়ত বিশ্ববিদ্যালয় অনুদান আয়োগৰ অধ্যক্ষ এম জগদেশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদ ঘোষণা কৰিছিল জেএনইউ ষ্টুডেন্টছ ইউনিয়নে (JNUSU)।

লগতে পঢ়কঃ ফৰাচী মহিলা সাংবাদিকলৈ জাননী জাৰি কৰিছে ভাৰত চৰকাৰে; ঘটনাটো কি?

কুমাৰে এই কথা যদিও স্পষ্ট কৰি দিয়ে, তথাপিও কেন্দ্ৰীয় শিক্ষানুষ্ঠানসমূহত (CEI) সংৰক্ষিত শ্ৰেণীৰ পদসমূহ বিগত সময়ত কোনো ধৰণৰ অসংৰক্ষিত হোৱা নাই। আৰু তেনে কোনো অসংৰক্ষণ নহ’ব।

তেওঁ ছ’চিয়েল মিডিয়াত লিখিছে, “কেন্দ্ৰীয় শিক্ষানুষ্ঠান (শিক্ষক কেডাৰত সংৰক্ষণ) আইন, ২০১৯ অনুসৰি শিক্ষক কেডাৰৰ সকলো প্ৰত্যক্ষ নিযুক্তি পদৰ বাবে কেন্দ্ৰীয় শিক্ষানুষ্ঠানত সংৰক্ষণ কৰা হৈছে। এই আইন আৰম্ভ হোৱাৰ পিছত কোনো সংৰক্ষিত পদ অসংৰক্ষিত নহ’ব। ২০১৯ চনৰ আইন অনুসৰি খালী পদ পূৰণ কৰিবলৈ শিক্ষা মন্ত্ৰালয়ে সকলো চিইআই-ক নিৰ্দেশ দিছে।”

ইউজিচিৰ অধ্যক্ষগৰাকীয়ে লগতে পোষ্ট কৰে যে, ‘এয়া স্পষ্ট যে কেন্দ্ৰীয় শিক্ষানুষ্ঠানসমূহত পূৰ্বে সংৰক্ষিত শ্ৰেণীৰ পদৰ ডি-ৰিজাৰ্ভেচন হোৱা নাই আৰু এনে কোনো সিদ্ধান্ত লোৱা নহ’ব।’

লগতে পঢ়কঃ ইৰাণৰ সাহায্যত আমেৰিকাৰ ঘাটিত আক্ৰমণ! ৩ সেনাৰ মৃত্যু, কঠোৰ প্ৰত্যুত্তৰৰ সকীয়নি বাইডেনৰ

বিশ্ববিদ্যালয় অনুদান আয়োগৰ নতুন খচৰা নিৰ্দেশনা অনুসৰিঃ ‘অনুসূচিত জাতি, অনুসূচিত জনজাতি বা অ’বিচিৰ বাবে সংৰক্ষিত খালী পদ অনুসূচিত জাতি, অনুসূচিত জনজাতি বা অ’বিচিৰ প্ৰাৰ্থীৰ বাহিৰে আন কোনো প্ৰাৰ্থীয়ে পূৰণ কৰিব নোৱাৰিব। কিন্তু সংৰক্ষিত খালী পদ এটা ডি-ৰিজাৰ্ভেচন পদ্ধতি অনুসৰণ কৰি অসংৰক্ষিত ঘোষণা কৰিব পাৰি য’ত, ইয়াক অসংৰক্ষিত খালী পদ হিচাপে পূৰণ কৰিব পাৰি। এনে কোনো প্ৰস্তাৱ বা নিযুক্তিত সংৰক্ষিত খালী পদ সংৰক্ষণ নকৰাৰ ওপৰত সাধাৰণ নিষেধাজ্ঞা আছে।’