NORTHEAST NOW (Assamese)

কেমিকেল ফেক্টৰীৰ বিস্ফোৰণত নিহত ২ জন শ্ৰমিক, কেইবাজনো আহত

December 16, 2021 8:02 pm · এন ই নাও নিউজ, গুৱাহাটী

গুজৰাটৰ পঞ্চমহল জিলাৰ গঘম্বাত অৱস্থিত গুজৰাট ফ্লুৰোকেমিকেলছ লিমিটেড (জিএফএল)ত আজি সংঘটিত বিস্ফোৰণত দুজন শ্ৰমিকৰ মৃত্যু হয় আৰু ১৫ জন শ্ৰমিক আহত হয়।

গগাম্বাৰ ৰঞ্জিত নগৰত অৱস্থিত ৰেফ্ৰিজাৰেণ্ট নিৰ্মাণ প্ৰকল্পৰ এমপিআই-১ গোটৰ ভিতৰত পুৱা প্ৰায় ১০ বজাত এই বিস্ফোৰণ সংঘটিত হয়। ঘটনাস্থলীৰ পৰা কেইবা কিলোমিটাৰ দূৰলৈ বিস্ফোৰণৰ শব্দ বিয়পি পৰে।

জুই নিৰ্বাপণৰ বাবে হালোল, কালোল আৰু গোধৰাৰ ব্যক্তিগত কোম্পানীকে ধৰি সমগ্ৰ জিলাৰ পৰা অগ্নি নিৰ্বাপক গাড়ী সমূহ ঘটনাস্থলীলৈ ততাতৈয়াকৈ প্ৰেৰণ কৰা হয়।

“এজন শ্ৰমিকৰ মৃত্যু হৈছে। আনহাতে বিস্ফোৰণ আৰু পৰৱৰ্তী অগ্নিকাণ্ডত আহত হোৱা আন ১৫ ৰ পৰা ১৬ জন শ্ৰমিকক বিভিন্ন চিকিৎসালয়লৈ স্থানান্তৰিত কৰা হৈছে। তেওঁলোকৰ কেইজনমান গুৰুতৰভাৱে দগ্ধ হৈছে।” অনুসন্ধান আৰু উদ্ধাৰ অভিযানত তদাৰক কৰা বিষয়া এজনে কয়।

ইফালে, জিলা আৰক্ষীয়ে INOX ৰ মালিকানাধীন কোম্পানী জিএফএলৰ ৰঞ্জিতনগৰ কমপ্লেক্সলৈ প্ৰায় পাঁচ কিলোমিটাৰ দূৰত্বৰ এটা পথৰ প্ৰৱেশ বন্ধ কৰি দিছে।

কোম্পানীৰ অফিচিয়েল ৱেবছাইট অনুসৰি কোম্পানীটোৱে ফ্লুৰোস্পেচিয়েলিটি আৰু ৰিফ্ৰিজাৰেণ্ট প্ৰস্তুত কৰে।

Related News