NORTHEAST NOW (Assamese)
আন্ত: ৰাষ্ট্ৰীয়

নেপালত ভয়ংকৰ দুৰ্ঘটনাঃ দলঙৰ পৰা নদীত বাগৰি পৰিল যাত্ৰীবাহী বাছ, দুই ভাৰতীয়সহ ১২ জনৰ মৃত্যু

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী January 13, 2024 6:35 pm
NIT-Agartala

চুবুৰীয়া ৰাষ্ট্ৰ নেপালত সংঘটিত হৈছে এক ভয়াৱহ পথ দুৰ্ঘটনা। এই দুৰ্ঘটনাত দুজন ভাৰতীয় নাগৰিককে ধৰি প্ৰায় ১২ জন লোকৰ মৃত্যু হৈছে।

শুকুৰবাৰে গভীৰ নিশা মধ্য পশ্চিম নেপালৰ ডাং জিলাত সংঘটিত হয় এই দুৰ্ঘটনা। আৰক্ষীৰ তথ্য অনুসৰি দুৰ্ঘটনাত আন ২২ জন যাত্ৰী আহত হৈছে।

প্ৰকাশিত খবৰ অনুসৰি, নেপালগঞ্জৰ পৰা কাঠমাণ্ডু অভিমুখী বাছখন ভালুবাঙত এখন দলঙৰ পৰা ৰাপ্তী নদীত বাগৰি পৰে।

এই ভয়ংকৰ দুৰ্ঘটনাটোত নিহত ১২ গৰাকী লোকৰ ভিতৰত এতিয়ালৈকে আঠজন লোকৰ পৰিচয় জানিব পৰা গৈছে বুলি আৰক্ষীয়ে সদৰী কৰে।

নিহত এই যাত্ৰীকেইজনৰ মাজত দুজন ভাৰতীয়ও আছে বুলি আৰক্ষীয়ে নিশ্চিত কৰিছে।

তেওঁলোকক বিহাৰৰ মালাহীৰ যোগেন্দ্ৰ ৰাম (৬৭) আৰু উত্তৰ প্ৰদেশৰ মুনে (৩১) বুলি চিনাক্ত কৰা হৈছে।