NORTHEAST NOW (Assamese)
অসম

আধাৰ কাৰ্ডৰ সহায়ত কিদৰে ১০ মিনিটতে বিনামূলীয়াকৈ লাভ কৰিব পান কাৰ্ড? চাওক প্ৰক্ৰিয়া

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 21, 2020 10:34 am
Pan Through Adhar

দেশৰ নাগৰিকসকলৰ বাবে সাধাৰণ প্ৰমানপত্ৰ হিচাপে অত্যন্ত পৰিচিত হৈছে পান কাৰ্ড। তদুপৰি, বৰ্তমান যথেষ্ট গুৰুত্বপূৰ্ণও হৈ পৰিছে এই পান কাৰ্ড।

সেইদৰে আধাৰ কাৰ্ডো অতি গুৰুত্বপূৰ্ণ হৈ পৰিছে। এই দুখনৰ অবিহনে নাগৰিকসকলে আয়কৰ আদায়ৰ ক্ষেত্ৰত সমস্যাত পৰিব পাৰে বুলিও পূৰ্বেই জনোৱা হৈছিল।

যিকোনো বিত্তীয় লেনদেনৰ ক্ষেত্ৰতো এই কাৰ্ড দুখন যথেষ্ট গুৰুত্বপূৰ্ণ।

আনহাতে, যিসকল নাগৰিকৰ পান কাৰ্ড নাই তেওঁলোকে আধাৰ কাৰ্ডৰ সহায়ত অতি সহজে বিনামূলীয়াকৈ পান কাৰ্ড লাভ কৰিব পাৰে।

জানিব পৰা মতে, আধাৰ কাৰ্ডৰ সহায়ত অতি সহজেই গ্ৰাহকে তেওঁলোকৰ পান কাৰ্ড উলিয়াব পাৰে। কৰ’না পৰিস্থিতিৰ বাবেই এই সেৱা আগবঢ়োৱা হৈছে। ইতিমধ্যে বহু পান কাৰ্ড ইচ্ছ্যু কৰা হৈছে বুলিও জানিবলৈ দিয়া হৈছে।

এই সুবিধা লাভ কৰিবলৈ গ্ৰাহকসকলে Income Taxৰ মূল ৱেবছাইটলৈ যাব লাগিব। তাত গৈ Pan through adhar অপশ্যনত ক্লিক কৰিব লাগিব। তাৰ পৰা নতুন পেজলৈ যাব লাগিব।

নতুন পেজত গৈ গ্ৰাহকসকলে আধাৰ নম্বৰ দিব লাগিব আৰু সেয়া নিশ্চিত কৰিব লাগিব। তাৰ পাছতে ৰেজিষ্টাৰ মোবাইল নম্বৰত এটা OTP আহিব আৰু সেইটো দিব লাগিব।

ইয়াৰ অলপ সময়ৰ ভিতৰতে নতুন ই-পান কাৰ্ড লাভ কৰিব গ্ৰাহকে।