NORTHEAST NOW (Assamese)
দেশ

১ টকাৰ সলনি ২ টকা লৈছিল ৰোগীৰ পৰা : চাকৰি গ’ল চৰকাৰী হাস্পাতালৰ কৰ্মচাৰীৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 18, 2024 2:26 pm

চৰকাৰী নিয়ম অনুসৰি ৰোগীৰ পৰা ১ টকা লব লাগে। কিন্তু চিকিৎসা সেৱাৰ বাবে স্বাস্থ্য কেন্দ্ৰলৈ যোৱা ৰোগীজনৰ পৰা ২ টকা সংগ্ৰহ কৰিছিল কৰ্মচাৰী এজনে। স্থানীয় বিধায়কে হাতে-লোতে ধৰিলে এই কেলেংকাৰী।

শেহতীয়াকৈ এই ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ মহাৰাজগঞ্জত। জানিব পৰা মতে, দীৰ্ঘদিন ধৰি চৰকাৰী স্বাস্থ্য কেন্দ্ৰৰ দুৰ্বল সেৱাৰ বিৰুদ্ধে স্থানীয় ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে। চিকিৎসকক দেখা কৰাৰ বাবে অধিক ধন লোৱা হৈছে বুলি অভিযোগ উত্থাপন হৈছিল।

আনকি বেছিভাগ সময়তে ডাক্তৰ নাথাকে স্বাস্থ্য কেন্দ্ৰটোত। ব্যক্তিগত দোকানৰ পৰা ঔষধ কিনিব লগা হয় ৰোগীয়ে। আনকি প্ৰসূতিৰ বাবে আবণ্টিত চৰকাৰী সুবিধাও ইয়াত দিয়া হোৱা নাই।

মহাৰাজগঞ্জৰ বিজেপিৰ বিধায়ক প্ৰেম সাগৰ পেটেলে মঙলবাৰে গাঁৱৰ ৰাইজৰ পৰা এনে অভিযোগ লাভ কৰি হঠাৎ স্বাস্থ্য কেন্দ্ৰত উপস্থিত হয়। আৰু অতিৰিক্ত টকা লৈ থাকোঁতে স্বাস্থ্যকৰ্মী আৰু ফাৰ্মাচিষ্টক হাতে-লোতে  ধৰে। ইয়াৰ পিছতে চাকৰিৰ পৰা বৰ্খাস্ত কৰা হয় কৰ্মচাৰী দুজনক।

কেৱল সেয়াই নহয়, স্বাস্থ্য কেন্দ্ৰটোৰ চৰকাৰী বিষয়াক তীব্ৰ সমালোচনা কৰে বিধায়কগৰাকীয়ে। এতিয়া এই সমগ্ৰ ঘটনাৰ ভিডিঅ’ ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত।