NORTHEAST NOW (Assamese)

এগৰাকী যুৱতীসহ আফগানিস্তানৰ দুই ISIS সন্ত্ৰাসবাদীক পুণেত গ্ৰেপ্তাৰ

July 14, 2020 5:25 pm · এন ই নাও নিউজ
প্রতিকী ফটো, সৌজন্য- ইন্টাৰনেট

ভাৰতত আক্ৰমণ চলোৱাৰ উদ্দেশ্যে পুণেত আশ্ৰয় লৈ থকা আফগানিস্তানৰ আইছিছ সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ কৰিছে ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা(NIA)এ।

এক গোপন সূত্ৰৰ পম খেদি পুনেৰ কুণ্ডায়া ও ইয়েৰৱাদা অঞ্চলত অভিযান চলাই ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা(NIA)ৰ এটা দলে এগৰাকী যুৱতীসহ আন দুই সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ কৰে।

ধৃত সন্ত্ৰাসবাদীৰ নাম নাভিল ছিদ্দিকি ক্ষেত্ৰী আৰু ছাদিয়া আনোৱাৰ শ্বেইখ বুলি জানিব পৰা গৈছে।

সোমাবৰে এনআইএ-এ জানিবলৈ দিয়ে যে ইছলামিক ষ্টেট খোৰাছান প্ৰভিন্স(ISKP)ৰ সদস্যই ভাৰতৰ বিভিন্ন প্ৰান্তত আক্ৰমণ কৰিবলৈ ইয়াৰ শ্লীপাৰ ছেলৰ সদস্যসকলক সাজু কৰি তুলিছে।

দেওবাৰে এনআইএ-এ বিশেষ গোপণ সূত্ৰৰ খবৰৰ ভিত্তিত পুণেৰ দুই এলেকাৰ পৰা অভিযান চলাই উক্ত দুই সন্ত্ৰাসবাদী সদস্যক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

ইফালে ধৃত নাভিলৰ যোৱা মাৰ্চ মাহত দিল্লীত গ্ৰেপ্তাৰ বৰণ হোৱা আইছিছ ৰ দুই সন্ত্ৰাসবাদী জাহানজেব ছামী আৰু আব্দুলা বাচিতৰ সৈতে সম্পৰ্ক আছিল বুলি জানিব পৰা গৈছে।

আজি ধৃত দুই সন্ত্ৰাসবাদীক পুণেৰ পৰা দিল্লীলৈ অনা হৈছে।

তদন্তকাৰী সংস্থাটোৰ মতে ভাৰতৰ বিভিন্ন প্ৰান্তত সক্ৰিয় আইএছআইৰ সদস্যসকলক এই নাভিলেই সহায় কৰি আহিছে।

Related News