NORTHEAST NOW (Assamese)
Popular Stories

উৎসৱৰ মাজতে অমংগল! পৱিত্ৰ শোভাযাত্ৰাত গছৰ ডাল পৰি প্ৰাণ গ’ল দুজনৰ, ক’ত?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 24, 2021 3:51 pm

যোৱাকালিৰ পৰা কেৰেলাত পালন কৰা হৈছে ৰাজ্যখনৰ বছৰেকীয়া উৎসৱ থ্ৰিচ্ছুৰ পুৰম (Thrissur Pooram)।

থ্ৰিচ্ছুৰ চহৰৰ উৎসৱত উদযাপন কৰা উৎসৱটো ৰাজ্যখনৰ এটা বৃহৎ উৎসৱ।

কিন্তু পৱিত্ৰ এই উৎসৱটো যোৱাকালি সংঘটিত হৈ যায় এটা মৰ্মান্তক দুৰ্ঘটনা।

উৎসৱ উপলক্ষে মাজৰাতি মন্দিৰৰ শিল্পীসকলে আয়োজন কৰা শোভাযাত্ৰাটোত সমদল কৰি যাওতে এজোপা বটগছৰ এডাল কঠিন ডাল তেওঁলোকৰ ওপৰত ভাগি পৰে।

যাৰ ফলত শনিবাৰে পুৱালৈকে দুজন শিল্পীয়ে প্ৰাণ হেৰুৱাইছে বুলি বিভাগীয় কৰ্তৃপক্ষই জনাইছে।

শোভাযাত্ৰাটোৰ এজন বাঁহীবাদকে কয় যে ঘটনাটো চকুৰ পলকতে ঘটি যায়।

মৃত শিল্পীকেইজন থিৰুৱামবাদী মন্দিৰৰ এন ৰামেশ্বান আৰু পি ৰাধাকৃষ্ণন হিচাপে চিনাক্ত কৰা হৈছে।

থ্ৰিচ্ছুৰ জিলাৰ প্ৰশাসনে জনোৱামতে, মাজৰাতি ১২.৩০ বজাত দুৰ্ঘটনাটো সংঘটিত হয় আৰু ২৫ জন লোক আঘাটপ্ৰাপ্ত হৈছে।

দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পাছতে আয়োজক কৰ্তৃপক্ষই উৎসৱৰ পাছৰ অনুষ্ঠানসমূহ বাতিল কৰে।

উল্লেখযোগ্য যে থ্ৰিচ্ছুৰ চহৰৰ বাদুকুনাথন মন্দিৰত প্ৰতি বছৰে পালন কৰি অহা পুৰম উৎসৱটোৰ এক সুকীয়া ঐতিহ্য আছে।

উৎসৱটো প্ৰথম আয়োজন কৰিছিল ১৮ শতিকাৰ কোচিৰ ৰজা সাকথান থাম্বুৰানে।

দহ দিনীয়াকৈ অনুষ্ঠিত কৰা দুই মিলিয়নতকৈও অধিক ভক্তই উৎসৱৰ অনুষ্ঠানসমূহত অংশগ্ৰহণ কৰি আহিছে।

ৰাজ্যখনৰ ই এটা অন্যতম পৰ্যটনৰ কেন্দ্ৰবিন্দু।

যোৱা বৰ্ষত ক’ভিড পৰিস্থিতিৰ বাবে উৎসৱৰ আয়োজন বাতিল কৰা হৈছিল।