NORTHEAST NOW (Assamese)
Popular Stories

জম্মু কাশ্মীৰত গুলীচালনা : সন্ত্ৰাসবাদীৰ গুলীত আহত দুগৰাকী শ্ৰমিক

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী July 19, 2023 5:14 pm

বুধবাৰে প্ৰকাশ পোৱা খবৰ অনুসৰি জম্মু-কাশ্মীৰৰ অনন্তনাগ জিলাত সন্ত্ৰাসবাদীৰ গুলীত দুজন অস্থানীয় শ্ৰমিক গুৰুতৰভাবে আহত হয়।

ঘটনাৰ ঠিক পিছতেই আহত শ্ৰমিক দুজনক ওচৰৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। এতিয়া তেওঁলোকৰ অৱস্থা সুস্থিৰ বুলি জানিব পৰা গৈছে।

ইফালে জম্মু-কাশ্মীৰ আৰক্ষীয়ে তালাচী অভিযানৰ বাবে অঞ্চলটো ঘেৰি ধৰিছে বুলি খবৰ প্ৰকাশ হৈছে।

ঘটনা সন্দৰ্ভত কাশ্মীৰ মণ্ডল আৰক্ষীয়ে টুইটযোগে কয়, ‘‘অনন্তনাগত সন্ত্ৰাসবাদীয়ে দুজন বাহিৰৰ শ্ৰমিকৰ ওপৰত গুলীচালনা কৰে। আহত দুয়োজনকে অসামৰিক চিকিৎসালয়লৈ স্থানান্তৰ কৰা হৈছে। বৰ্তমান তেওঁলোকৰ অৱস্থা সুস্থিৰ। ইতিমধ্যে সেনা-আৰক্ষী অঞ্চলটো ঘেৰি ধৰিছে।”