NORTHEAST NOW (Assamese)
অসম

ৰূপজ্যোতি কুৰ্মীৰ বিজেপিত যোগদানৰ পিছতে মৰিয়নিত কংগ্ৰেছ এৰি বিজেপিত যোগদানৰ ধুম

Posted by: নিৰ্মলেন্দু পাঠক Updated by: নিৰ্মলেন্দু পাঠক July 4, 2021 6:31 pm
d2

দেওবাৰে মৰিয়নি সমষ্টিত উপ-নিৰ্বাচনৰ দৰে পৰিবেশ সৃষ্টি কৰিলে বিজেপিয়ে।

মৰিয়নিৰ প্ৰাক্তন বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে বিজেপিত যোগদান কৰাৰ পিছতে নিজৰ শক্তি প্ৰদৰ্শন কৰিবলৈকে মৰিয়নিৰ একাংশ কংগ্ৰেছ কৰ্মীক দেওবাৰে বিজেপিত যোগদান কৰোৱায়।

যোৰহাট জিলা বিজেপিৰ উদ্যোগত আয়োজিত যোগদান সমাৰোহত উপস্থিত থাকে যোৰহট জিলাৰ সাংসদ তপন কুমাৰ গগৈ,তেজপুৰৰ সাংসদ পল্লৱ লোচন দাস, জলসম্পদ মন্ত্ৰী পিযুষ হাজৰিকা, শ্ৰমমন্ত্ৰী সঞ্জয় কিষাণ আৰু সৰুপথাৰৰ বিধায়ক বিশ্বজীত ফুকন।

মৰিয়নি সমষ্টিৰ বিভিন্ন প্ৰান্তৰ দুই সহশ্ৰাধিক কংগ্ৰেছী নেতা কৰ্মীয়ে বিজেপিত যোগদান কৰা কথা আছিল যদিও অৱশেষত ৯০ জন কংগ্ৰেছ কৰ্মীয়েহে যোগদান কৰে।

বিজেপি দলে উপনিৰ্বাচনত মৰিয়নি সমষ্টি দখল কৰিবলৈ নিৰ্বাচনী কুচকাৱাজ আৰম্ভ কৰি যোগদান সমাৰোহ অনুষ্ঠিত কৰিলে।

কিন্তু ক’বিডৰ ভয়াবহতা ৰোধৰ বাবে চৰকাৰে জাৰি কৰা এছ অ’ পি নস্যাৎ কৰিলে অসম চৰকাৰৰ কেইবাগৰাকীকৈ মন্ত্ৰী বিধায়কে। যোগদান সভাত নাই কোনো সামাজিক দূৰত্ব।

গৰিষ্ঠ সংখ্যক লোকৰ মুখত দেখা গ’ল নাকৰ তলত মাস্ক।

যোগদান সমাৰোহত অংশগ্ৰহণ কৰাৰ পূৰ্বে মন্ত্ৰী পিযুষ হাজৰিকাই সাংসদ পল্লৱ লোচন দাসক লগত লৈ মৰিয়নি নগৰৰ মাজমজিয়াত দীৰ্ঘদিন ধৰি বন্ধ হৈ থকা জয়শ্ৰী টি ইণ্ডাষ্ট্ৰীজৰ নামত থকা প্ৰায় ১০০ বিঘা পৰিত্যক্ত ভূমি পৰিদৰ্শন কৰে।