NORTHEAST NOW (Assamese)
অসম

জুৰীয়াৰ খাটোৱালত বিদ্যুৎস্পৃষ্ট হৈ পুনৰ দুজনৰ মৃত্যু : শোকস্তব্ধ গাঁওবাসী

Posted by: এন ই নাও নিউজ October 20, 2018 1:37 pm
juria two dead by electric shock

জুৰীয়াত পুনৰ বিদ্যুৎস্পৃষ্ট হৈ দুজনৰ মৃত্যু হোৱাৰ বাতৰি পোৱা গৈছে। জুৰীয়াৰ খাটোৱালত বিদ্যুৎ বিভাগে স্থাপন কৰা নিম্ন মানদণ্ডৰ ১১ হাজাৰ ভল্টৰ বিদ্যুৎ পৰিবাহী তাঁৰত লাগি কিছুদিন পূৰ্বে ৬জনকৈ লোকে কৰুণ মৃত্যুক সাৱটি লৈছিল। এই ঘটনাৰ শোকে সমগ্ৰ জুৰীয়াবাসীক শোকস্তব্ধ কৰি ৰখাৰ সময়তে আকৌ ১৯ অক্টোবৰ শুকুৰবাৰে বিদ্যুতৰ পিভিচি তাঁৰ ছিগি জুৰীয়াৰ বগৰীগুৰিত দুজন লোকে প্ৰাণ হেৰুৱাবলগীয়া হয়।

ঘটনাৰ বিৱৰণী অনুসৰি গাঁৱখনৰ আকবৰ আলী আৰু গুলজাৰ হুছেইন নামৰ লোক দুজনে ঘৰৰ পিছফালে বাঁহ কাটি থকা অৱস্থাত বাঁহ এডাল ঘৰৰ ওপৰেদি যোৱা বিদ্যুৎ পৰিবাহী তাঁৰত লাগে আৰু তাঁৰডাল ছিগি গৈ পুখুৰীত পৰে।

তাৰপিছত দুয়োজনে পুখুৰীত পৰি থকা বাঁহ ডাল তোলাৰ চেষ্টা কৰাত সংঘটিত হয় এই কৰুণ ঘটনাটো। লোক দুজনৰ মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰিছে।