NORTHEAST NOW (Assamese)
অসম

এন আৰ চিৰ প্ৰথম খচৰাত প্ৰায় ২ কোটি লোকৰ নাম সন্নিৱিষ্ট

Posted by: এন ই নাও নিউজ December 30, 2017 9:10 pm

ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ প্ৰথমখন খচৰা প্ৰকাশ পাবলৈ আৰু কিছু সময় বাকী থকা অৱস্থাতে এজন জ্যেষ্ঠ চৰকাৰী বিষয়াই কয় যে যদি কোনো লোকৰ নাম নাগৰিক পঞ্জীৰ তালিকাত অন্তৰ্ভুক্ত হোৱা নাই ই প্ৰমান নকৰে যে উক্ত ব্যক্তিজন এজন ভাৰতীয় নাগৰিক নহয়। প্ৰাপ্ত তথ্য অনুসৰি বিষয়াজনে আৰু কয় যে ৩১ ডিচেম্বৰত প্ৰকাশ পাবলগীয়া প্ৰথমখন তালিকাত ২০১৩ চনত পঞ্জীয়নৰ বাবে আবেদন কৰা ৩.২৮ কোটি লোকৰ প্ৰায় ২ কোটি লোকৰ নাম অন্তৰ্ভুক্ত হ’ব। ৰাজ্যজুৰি স্থাপন কৰা ২৫০০- ৩০০০ টা চৰকাৰী সেৱা কেন্দ্ৰৰ লগতে মহা পঞ্জীয়কৰ ৱেবছাইটত উক্ত তালিকাখন উপলব্ধ হ’ব বুলি তেওঁ জানিবলৈ দিয়ে। ইয়াৰোপৰি যি সকল লোকে  ৰাজ্য চৰকাৰৰ সংশ্লিষ্ট বিভাগত নিজৰ মোবাইল নম্বৰ পঞ্জীয়ন কৰি ৰাখিছে তেওঁলোকে এছ এম এছৰ জৰিয়তে ৩১ ডিচেম্বৰত তালিকাখন লাভ কৰিব।

তেওঁ লগতে কয়, ‘ অসমৰ একাংশ লোকৰ মাজত এক প্ৰবল উৎকন্ঠা স্বৃষ্টি হৈছে যে উক্ত খচৰা তালিকাত নাম প্ৰকাশ নোহোৱা লোকসকলক অসমৰ নাগৰিক হিচাপে গন্য কৰা নহ’ব। কিন্তু ই সত্য নহয়, ই কেৱল বুজাই যে তেওঁলোকৰ পুণঃপৰিক্ষন সম্পুৰ্ণ হৈ উঠা নাই।’