NORTHEAST NOW (Assamese)
Popular Stories

বিটিআৰ নিৰ্বাচনৰ বাবে UPLLএ ঘোষণা কৰিলে প্ৰথমখন প্ৰাৰ্থী তালিকা

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী August 22, 2025 8:24 am

বিটিআৰৰ শাসকীয় প্ৰমোদ বড়ো নেতৃত্বাধীন ইউপিপিএল দলে প্ৰকাশ কৰিলে প্ৰথমখন প্ৰাৰ্থীৰ তালিকা। কোকৰাঝাৰ চহৰৰ থানাপাৰাস্থিত ইউপিপিএলৰ কেন্দ্ৰীয় কাৰ্যালয়ত আয়োজিত এক সংবাদ মেলৰ জৰিয়তে ঘোষণা কৰা হয় প্ৰথমখন প্ৰাৰ্থীতালিকা। ১৮জনীয়া প্ৰাৰ্থীতালিকা আনুষ্ঠানিকভাৱে ঘোষণা কৰা হৈছে।

তালিকা ঘোষণা কৰে ক্ৰমে ইউপিপিএলৰ কাৰ্যকৰী সভাপতি তথা ৰাজ্যসভাৰ সাংসদ ৰণগৌড়া নাৰ্জাৰীয়ে৷ সংগ দিয়ে ইউপিপিএলৰ মহিলা গোটৰ সভানেত্ৰী প্ৰতিভা ব্ৰহ্ম আৰু সাধাৰণ সম্পাদক ৰাজু কুমাৰ নাৰ্জাৰী, সম্পাদক উইলছন হাছদাই৷ UPLLএ ২ বিধায়কক দিলে BTR নিৰ্বাচনৰ প্ৰাৰ্থিত্ব। বিধায়ক তথা অসম বিধানসভাৰ UPPLৰ বিধায়িনী দলৰ দলপতি লৰেন্স ইছলাৰীক প্ৰাৰ্থিত্ব প্ৰদান দলটোৰ৷ শালাকাটি পৰিষদীয় সমষ্টিত প্ৰাৰ্থিত্ব প্ৰদান লৰেন্স ইছলাৰীক।