NORTHEAST NOW (Assamese)
অসম

আজি পুনৰ চাৰিগৰাকী কোভিড ৰোগীৰ মৃত্যু; আৰোগ্য লাভ কৰা ব্যক্তিৰ সংখ্যা ২ লাখ অতিক্ৰম

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 6, 2020 9:35 pm

দুদিনৰ বিৰতিৰ অন্তত আজি অসমত পুনৰ চাৰিগৰাকী কোভিড ৰোগীৰ মৃত্যু হয়।

ইয়াৰ ফলত ৰাজ্যত ক’ৰ’নাৰ সংক্ৰমণৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ৯৩৮ গৰাকীলৈ বৃদ্ধি পায়।

আজি ক’ৰ’নাৰ সংক্ৰমণৰ ফলত মৃত্যু হোৱা ব্যক্তি কেইগৰাকী হৈছে ডিব্ৰুগড়ৰ তৰুণ চক্ৰৱৰ্তী(৫৪), শিৱসাগৰৰ সমীৰ চেতিয়া(৬৮) আৰু তীৰ্থ নাথ দত্ত(৫৯), কামৰূপ মহানগৰ জিলাৰ চালেহুদ্দিন আহমেদ(৭৫)।

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ছ’চিয়েল মিডিয়া যোগে এই কথা প্ৰকাশ কৰে।

উল্লেখযোগ্য যে, ক’ৰ’নাৰ সংক্ৰমণৰ ফলত অসমত প্ৰথম গৰাকী ব্যক্তিৰ মৃত্যু হোৱাৰ ১১৫ দিনৰ পাছত ৪ নৱেম্বৰত প্ৰথমবাৰৰ বাবে অসমত কোনো ব্যক্তিৰ ক’ৰ’নাৰ সংক্ৰমণৰ ফলত মৃত্যু হোৱা নাছিল।

আজি অসমত নতুনকৈ ৩৩৫ গৰাকী লোক কোভিড সংক্ৰমিত হয়। ইয়াৰ ফলত ৰাজ্যত মুঠ কোভিড সংক্ৰমিত লোকৰ সংখ্যা ১০৮৩৮৯ গৰাকীলৈ বৃদ্ধি পায়।

আনহাতে, ৰাজ্যত আজি কোভিড মুক্ত লোকৰ সংখ্যাও ২ লাখ অতিক্ৰম কৰিছে। আজি ৯১৬ গৰাকী ব্যক্তি কোভিড মুক্ত হোৱাৰ লগে লগে ৰাজ্যত মুঠ কোভিড মুক্ত লোকৰ সংখ্যা ২০০৩৮১ গৰাকীলৈ বৃদ্ধি পায়।

অসমত বৰ্তমান ৭০৬৭ গৰাকী সক্ৰিয় কোভিড ৰোগী আছে।