NORTHEAST NOW (Assamese)
অসম

নগাঁৱৰ নীলাপানী হ্ৰদত পুনৰ এগৰাকী যুৱক সন্ধানহীন

Posted by: বিদ্যুত জ্যোতি বৰা Updated by: বিদ্যুত জ্যোতি বৰা November 6, 2020 9:01 pm

বিগত সময়ত নগাঁও জিলাৰ কঠালগুৰিৰ নীলাপানীৰ হ্ৰদত কেইবাজনো যুৱকে মৃত্যুক সাৱটি লোৱাৰ পাছত আজি পুনৰ এজন যুৱক নীলাপানী হ্ৰদটোত সন্ধানহীন হোৱা ঘটনাই জিলাতে সমগ্ৰ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

জানিবপৰা মতে, নগাঁৱ চহৰৰ মনি দুৰ্গা এপাৰ্টমেন্টৰ অংশুমান হাজৰিকাৰ পুত্ৰ আয়ানভ হাজৰিকা (২৩) নামৰ যুৱকজনে কঠালগুৰিৰ নীলাপানীৰ হ্ৰদলৈ গৈ সন্ধানহীন হৈ আছে।

পৰৱৰ্তী সময়ত ঘটনাস্থলীত চামগুৰি আৰক্ষীৰ দল উপস্থিত হৈ সন্ধানহীন হোৱা যুৱকজনক উদ্ধাৰ কৰাৰ বাবে অভিযান চলাই যদিও আন্ধাৰ হোৱাৰ বাবে উদ্ধাৰ অভিযান সামৰিব লগীয়া হয়।

বাতৰি সংগ্ৰহ কৰাৰ পৰলৈ উদ্ধাৰকাৰী দলে যুৱকজনৰ কোনোধৰণৰ শুংসূত্ৰ লাভ কৰিবলৈ সক্ষম হোৱা নায়।

কাইলৈ ৰাতিপুৱাৰ পৰা আৰক্ষীৰ উদ্ধাৰকাৰী দলে পুনৰ উদ্ধাৰ অভিযান আৰম্ভ কৰিব বুলি আৰক্ষী সূত্ৰত প্ৰকাশ পাইছে।