NORTHEAST NOW (Assamese)
অসম

নাগৰিকত্ব বিধেয়কলৈ মুকলি সমৰ্থন অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ

Posted by: এন ই নাও নিউজ January 17, 2019 6:44 pm
নাগৰিকত্ব বিধেয়কলৈ মুকলি সমৰ্থন অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ

ৰাজ্যখনৰ চাৰিওফালে বিজেপি চৰকাৰে জাপি দিব খোজা নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ বাতিলৰ দাবীত বিভিন্ন দল-সংগঠনে প্ৰতিবাদ অব্যাহত ৰাখিছে সেই সময়তে নাগৰিকত্ব বিধেয়কলৈ মুকলি সমৰ্থন আগবঢ়াইছে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে।

আজি গুৱাহাটী প্ৰেছ ক্লাবত এক সংবাদমেলৰ জৰিয়তে নগাৰিকত্ব বিধেয়কক সমৰ্থন কৰা বুলি সদৰী কৰে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে। লগতে সংবাদমেলতে বিধেয়কৰ বিৰোধিতাৰ নামত অপ-প্ৰচাৰ বন্ধ কৰিবলৈ বিশিষ্ট বুদ্ধিজীৱী ড০ হীৰেন গোহাঁই আৰু কৃষক মুক্তি সকীয়নি দিয়ে সংগঠনটোৱে।

অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে জাতিদ্ৰোহী বিধেয়কখনৰ সমৰ্থন জনাই সংবাদমেলত ড০ গোহাঁই আৰু অখিল গগৈয়ে অসমৰ পৰিস্থিতি জটিলতাৰ মাজলৈ ঠেলি দিয়া বুলি অভিযোগ উত্থাপন কৰে।