NORTHEAST NOW (Assamese)
অসম

“জাগিলে অসম বাচিব দেশ, নহ’লে হ’ব বাংলাদেশ”

Posted by: এন ই নাও নিউজ January 17, 2019 7:43 pm
Zubeen Garg observing ‘Sankalpa Day’ to protest against the Centre’s move of passing the contentious Citizenship (Amendment) Bill, 2016 on 17-01-19. The protest is initiated by the Kalaguru Artist Federation and would be staged by the Artists Federation of the state .pix by UB PHOTOS

নাগৰিকত্ব বিধেয়ক আসন্ন বাজেট অধিৱেশনত ৰাজ্যসভাত গৃহীত হোৱাৰ “সম্ভাৱনা” বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক ৰাম মাধৱে গুৱাহাটীত বৃহস্পতিবাৰে ঘোষণা কৰাৰ পিছতে উভটি ধৰিছে জুবিন গাৰ্গে।

বিজেপিৰ ৰাষ্ট্ৰীয় নেতাগৰাকীয়ে ঘোষণা কৰিলেই নহ’ব বুলি মন্তব্য কৰি দৰকাৰ হ’লে চৰকাৰেই ভাঙি দিয়াৰ হুংকাৰ দিছে জনপ্ৰিয় গায়কগৰাকীয়ে।

“হ’ব বুলি ক’লেই নহ’ব নহয়। তেতিয়া চৰকাৰ পতন কৰি দিম আমি। নাইকিয়া কৰি পেলাম,” তেজপুৰত শিল্পী দিৱসৰ দিনাই বিধেয়কখনৰ বিৰোধিতাৰে আয়োজিত “সংকল্প দিৱস”ত এই মন্তব্য জুবিন গাৰ্গৰ।

কংগ্ৰেছৰ শাসন বেয়া পোৱা বাবে বিজেপিক “কিছু চাপ’ৰ্ট” দিয়া বুলি মন্তব্য কৰি গাৰ্গে কয় যে আৰু বিজেপিকো তেওঁ চাপ’ৰ্ট নকৰে।

অহা ৩১ জানুৱাৰিৰ পৰা বাজেট অধিৱেশন অনুষ্ঠিত হ’ব।

অসমৰ লগতে সমগ্ৰ উত্তৰ-পূবতে খিলঞ্জীয়াৰ সৰ্বাত্মক বিৰোধৰ সন্মুখীন হোৱা বিধেয়কখন শাসকীয় বিজেপিয়ে লোকসভাত সংখ্যাগৰিষ্ঠতাৰ জোৰত ইতিমধ্যে গৃ্হীত কৰিছে।

শিল্পীগৰাকীৰ আহ্বানত কলাগুৰু আৰ্টিষ্ট ফাউন্দেশ্যনৰ উদ্যোগত তেজপুৰৰ কলেজিয়েট স্কুলৰ খেলপথাৰত আয়োজিত সংকল্প দিৱসত শিল্পী সমাজৰ লগতে বহুসংখ্যক ৰাইজে অংশগ্ৰহণ কৰে।

যোৰহাটটো বিধেয়কখনৰ বিৰুদ্ধে শিল্পীসকলে প্ৰতিবাদ জনায়।