NORTHEAST NOW (Assamese)

আগ্নেয়াস্ত্র আৰু গুলীসহ অসমৰ দুজন দুষ্কৃতিকাৰীক আলিপুৰদুৱাৰত গ্রেপ্তাৰ

October 30, 2018 9:52 pm · ৰিনয় বসুমতাৰী
Updated: October 31, 2018 9:05 am

আগ্নেয়াস্ত্র আৰু গুলীসহ অসমৰ দুজন দুষ্কৃতিকাৰীক ৩০ অক্টোবৰত আলিপুৰদুৱাৰত গ্রেপ্তাৰ কৰে পশ্চিম বংগ আৰক্ষীয়ে। পশ্চিম বংগৰ মুখ্য মন্ত্ৰীৰ উত্তৰ বংগ ভ্ৰমণৰ বাবে সীমান্ত এলেকাত নিৰাপত্তা ব্যৱস্থা কঠোৰ কৰি তোলা হৈছে। অসম-বাংলা সীমান্তত তালাচী অভিযান চলাই থকাৰ সময়ত এখন সন্দেহজনক স্ক’ৰ্পিঅ’ গাড়ীক দেখি আৰক্ষীয়ে ৰ’বলৈ ইংগিত দিয়ে যদিও তালাচীৰত আৰক্ষীক এৰাই সেই গাড়ীখন আলিপুৰদুৱাৰত প্ৰৱেশ কৰে। তাৰ পাছত গাড়ীৰ নম্বৰৰ ভিত্তিত তালাচী চলাই এই গাড়ীখন আলিপুৰদুৱাৰ ডিআৰএম অফিচৰ সন্মুখত আলিপুৰদুৱাৰ জিলা আৰক্ষীয়ে ধৰা পেলায়। গাড়ীখনৰ আৰোহী অস্ত্ৰধাৰী লোক দুজনক গ্ৰেপ্তাৰ কৰা হয়।

গাড়ীখনৰ পৰা উদ্ধাৰ হোৱা আগ্নেয়াস্ত্র আৰু তিনি ৰাউণ্ড গুলীসহ  দুষ্কৃতিকাৰী দুজনক গ্রেপ্তাৰ কৰা হয়। আলিপুৰদুৱাৰ আৰক্ষীয়ে জনাইছে অভিযুক্ত ব্যক্তি দুজনৰ ঘৰ অসমৰ গোসাইগাঁৱত। অভিযুক্ত দুজন হৈছে প্রণয় পাল, আৰু মোতিয়াৰ প্রধানি। বৰ্তমান অভিযুক্তদ্বয়ক আলিপুৰদুৱাৰ জিলা আৰক্ষীয়ে জেৰা কৰি আছে। আৰক্ষীয়ে জনাইছে যে গাড়ীখনৰ নম্বৰ হৈছে AS-16D-9286 ।

আলিপুৰদুৱাৰ জিলাৰ আৰক্ষী অধীক্ষক সুনীল কুমাৰ যাদবে জনাইছে যে অবৈধ আগ্নেয়াস্ত্র লগত ৰখাৰ অভিযোগত অসমৰ ব্যাক্তি দুজনক আৰক্ষীয়ে গ্রেপ্তাৰ কৰিছে। আৰক্ষী অধীক্ষকগৰাকীয়ে জনাইছে যে গ্ৰেপ্তাৰ হোৱা অভিযুক্তদুজনক আদালতলৈ প্ৰেৰণ কৰি আৰক্ষীৰ জিম্মাত বিচৰা হ’ব।

আৰক্ষী অধীক্ষকগৰাকীয়ে জনাইছে যে তালাচী চকীত এই সন্দেহজনক গাড়ীখন ৰখাবৰ বাবে কোৱা হৈছিল। কিন্তু গাড়ীখন ৰখোৱা হোৱা নাছিল। গাড়ীৰ নম্বৰৰ পম খেলি সমগ্ৰ জিলাতেই তালাচী অভিযান চলাই দাড়ীসহ ব্যক্তিদুজনক ধৰা পেলোৱা হয়।

Related News