NORTHEAST NOW (Assamese)
অসম

আই এছ এলত পুনৰ তালিকাৰ শীৰ্ষলৈ নৰ্থ-ইষ্ট য়ুনাইটেড; ২-০ ত হৰুৱালে দিল্লী ডাইনামোজক

Posted by: এন ই নাও নিউজ October 30, 2018 9:56 pm
Bartholomew Ogbeche

অধিনায়ক নাইজেৰিয়ান তাৰকা বাৰ্থলমেউ অগবেছেই (Bartholomew Ogbeche) ৰ নেতৃত্বৰ নৰ্থ ইষ্ট য়ুনাইটেডে আই এছ এলৰ আজিৰ নিজৰ পঞ্চমখন খেলত দিল্লী ডাইনামোজক ২-০ স্পষ্ট ব্যৱধানত হৰুৱায়।

নতুন দিল্লীৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত অনুষ্ঠিত আজিৰ খেলখনত জয়েৰে দলটোৱে তালিকাৰ শীৰ্ষস্থান পুনৰুদ্ধাৰ কৰিছে। দলটোৱে এই পৰ্য্যন্ত ৫খন খেল খেলি ৩খনত জয়ী হোৱাৰ বিপৰীতে ২খনত ড্ৰ খেলিছে। এই পৰ্য্যন্ত অপৰাজেয় হৈ আছে দলটো।

তীব্ৰ প্ৰতিদ্বন্দ্বিতাপূৰ্ণ খেলখনত নৰ্থ-ইষ্ট য়ুনাইটেডৰ হৈ ফেডেৰিকো গালেগোৱে ৮২ মিনিটত প্ৰথমটো গ’ল দিয়ে। সন্মুখৰ পৰা নেতৃত্ব দিয়া অধিনায়ক তথা ষ্ট্ৰাইকাৰ বাৰ্থলমেউ অগবেছেই আনটো গ’ল দিয়ে খেলৰ অতিৰিক্ত সময়ত।

আজিৰ জয়েৰে দলটোৱে সাময়িকভাৱে গোৱাৰ হাতত এৰি দিয়া শীৰ্ষস্থান পুনৰ দখল কৰে। আনহাতে এইবাৰৰ ছিজনত আজিও জয়ৰ মুখ নেদেখিলে দিল্লীয়ে।