NORTHEAST NOW (Assamese)
অসম

হাফলঙৰ ৰামকুইবে জেমিলৈ কৰ্ণাটকৰ এন আই টি টি ই ডীমড বিশ্ববিদ্যালয়ৰ ডক্টৰেট ডিগ্ৰী

Posted by: পংকজ কুমাৰ দেব October 30, 2018 10:28 pm
Haflong

কৰ্ণাটকৰ মাংগালোৰৰ এন আই টি টি ই ডীমড বিশ্ববিদ্যালয়ে উত্তৰ পূবৰ ২গৰাকী বিশিষ্ট ব্যক্তিক ডক্টৰেট উপাধি প্ৰদান কৰিছে।

যোৱা ২৬ অক্টোবৰত বিশ্ববিদ্যালয়খনৰ চৌহদত অনুষ্ঠিত এক অনুষ্ঠানত এটা অনুষ্ঠানত এই ডিগ্ৰী প্ৰদান কৰে বিশ্ববিদ্যালয়খনে। ডক্টৰেট উপাধি প্ৰদান কৰা এই ২গৰাকী বিশিষ্ট ব্যক্তি হ’ল উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ অৱসৰপ্ৰাপ্ত প্ৰাথমিক শিক্ষা বিষয়া ৰামকুইবে জেমি আৰু অৰুণাচল প্ৰদেশৰ অভিযন্তা লাটচাম খিমুন। ডিগ্ৰী প্ৰদান অনুষ্ঠানটোত নাগালেণ্ডৰ ৰাজ্যপাল পি বি আচাৰ্য্য অতিথি হিচাপে উপস্থিত আছিল।

উল্লেখযোগ্য যে ডিমা হাচাও জিলাৰ হাফলং চহৰৰ সমীপৰ লোদি গাঁৱৰ বাসিন্দা ৰামকুইবে জেমিক ‘ডক্টৰ অৱ চাইন্স’ ডিগ্ৰী আগবঢ়োৱা হয়। তেওঁ উত্তৰ পূৰ্বাঞ্চলৰ হেৰেক্কা সমাজৰ আৰ্থ-সামাজিক উন্নয়নৰ হকে দীৰ্ঘ দিনৰ পৰা নিৰলসভাবে কাম কৰি আহিছে।

ডক্টৰেট ডিগ্ৰী গ্ৰহণ কৰি আহি আজি ট্ৰে’ন যোগে নিউ হাফলঙত উপস্থিত হোৱাৰ পিছত জেমি কাউন্সিল  অসমৰ ফালৰ পৰা তেওঁক উষ্ণ আদৰনি জনোৱা হয়।