NORTHEAST NOW (Assamese)
Popular Stories

ক’ৰ’নাৰ আতংক; মাৰাত্মক ভাইৰাছক মোকাবিলা কৰিবলৈ সাজু কেৰেলা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 19, 2020 8:08 am
index.png1

কেৰেলাৰ ৰাজ্যিক চৰকাৰে মাৰাত্মক ক’ৰ’না ভাইৰাছৰ বিৰুদ্ধে যুঁজ দিবলৈ সাজু হৈছে।

তাৰবাবে ৰাজ্যখনৰ চৰকাৰে নিজাববীয়াকৈ গঢ়ি তুলিছে চিকিৎসাৰ আন্তঃগাঠনি।

এই দাবী কেৰেলাৰ ৰাজ্যিক স্বাস্থ্য বিভাগৰ নডেল বিষয়া ডাঃ অমৰ ফেট্টলৰ।

ৰাজ্যখনত এতিয়ালৈকে ২৪ জন লোক মাৰাত্মক ক’ৰ’না ভাইৰাছত আক্ৰান্ত বুলি নিশ্চিত কৰা হৈছে।

তিনিজন আক্ৰান্তক সুস্থ কৰাৰ পিছত ইতিমধ্যে চিকিৎসালয়ৰ পৰা ঘৰলৈ পঠিওৱা হৈছে।

ৰাজ্যখনৰ ১৮০১১ গৰাকী লোকৰ স্বাস্থ্য পৰীক্ষা কৰা হৈছিল আৰু ইয়াৰে ১৭৭৪৩ জন লোকক জনসাধাৰণৰ সংসৰ্গৰ পৰা বাধ্যতামূলক বাবে আঁতৰাই ৰখা হৈছে বিভিন্ন চিকিৎসালয়ৰ লগতে আৱাসগৃহত।

ডাঃ ফেট্টলে জনাইছে যে ৰাজ্যখনৰ চাৰিখন মেডিকেল প্ৰতিষ্ঠানৰ পৰীক্ষাগাৰত এই ভাইৰাছৰ চিনাক্তকৰণৰ পৰীক্ষাসমূহ কৰা হৈছে।

আনহাতে ৰাজ্যখনৰ ১৪ খন জিলাৰ ২২ খন চিকিৎসালয়ত এই ভাইৰাছৰ চিকিৎসাৰ উপলব্ধ কৰা হৈছে।

ৰাজ্যৰ সকলো মেডিকেল কলেজতে পৃথক কক্ষৰ ব্যৱস্থা কৰাৰ লগতে আই চি ইউৰ ব্যৱস্থা কৰিছে।ৰাজ্যখনত ইতিমধ্যে ২৮,০০০ হাজাৰ বিচনা সাজু কৰা হৈছে যাতে এই ভাইৰাছত আক্ৰান্ত কোনো লোক চিকিৎসা সেৱা লাভ কৰাৰ ক্ষেত্ৰত কোনো অসুবিধা ভুগিবলগীয়া নহয়।

ডাঃ ফেট্টলে আৰু জনাইছে যে ৰাজ্যখনত ২০০ টা উপ সংমণ্ডলত বিশেষ স্বাস্থ্য কেন্দ্ৰৰ ব্যৱস্থা কৰা হৈছে য’ত সন্দেহযুক্ত লোকৰ পৰা নমুনা সংগ্ৰহ কৰা হ’ব।