NORTHEAST NOW (Assamese)
Popular Stories

ক’ৰ’না ভাইৰাছৰ আতংক; ভাৰতত আৰু ২৮ জন নতুন ক’ৰ’না আক্ৰান্তক চিনাক্ত

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 19, 2020 8:54 am
ৱ

ভাৰতত আৰু ২৮ জন লোক ক’ৰ’না ভাইৰাছত আক্ৰান্ত হোৱা বুলি নিশ্চিত কৰা হৈছে।

দেশৰ ১০ খন ৰাজ্য আৰু ১ খন কেন্দ্ৰীয় শাসিত অঞ্চলত এই ২৮ জন লোকক চিনাক্ত কৰা হৈছে। ইয়াৰ লগে লগে দেশত আক্ৰান্তৰ সংখ্যা ১৭০ জনলৈ বৃদ্ধি পালে।

বুধবাৰে তেলেংগানাত ৮ জন, ৰাজস্থানত ৩ জন, কৰ্ণাটকত ২ জন আৰু দিল্লী, উত্তৰ প্ৰদেশ, হাৰিয়ানা, তামিলনাডু আৰু মহাৰাষ্ট্ৰত ১ জনকৈ আক্ৰান্ত ব্যক্তিক চিনাক্ত কৰা হৈছে। আনহাতে কেন্দ্ৰীয় শাসিত অঞ্চল জন্মু আৰু কাশ্মীৰতো এজন লোক আক্ৰান্ত বুলি নিশ্চিত হৈছে।

তেলংগানাৰ ৮ জন আক্ৰান্তৰ ৭ জনে অলপতে ইন্দোনেছিয়াত ভ্ৰমণ কৰি আহিছিল। আন আঠজন আক্ৰান্তই স্কটলেণ্ড আৰু ৰাজস্থানৰ পৰিয়াল এটাই ইটালী ভ্ৰমণৰ পৰা উভতি অহাৰ পিছত শৰীৰত ক’ৰ’না ভাইৰাছৰ উপস্থিতি নিশ্চিত হৈছে।

উল্লেখ্য দেশত চিনাক্ত হোৱা প্ৰায় সংখ্যক আক্ৰান্তই বিদেশ ভ্ৰমণ কৰি অহা।

পুনেৰ আক্ৰান্তৰ ১৮ জন ব্যক্তিয়ে ইউৰোপৰ পৰা উভতি অহাৰ পিছতে শৰীৰত ক’ৰ’না ভাইৰাছৰ বীজাণুৰ উপস্থিতিৰ ধৰা পৰিছে।

আনহাতে জন্মু আৰু কাশ্মীৰ আক্ৰান্তজন ১৬ মাৰ্চত চৌদি আৰৱৰ পৰা উভতি অহা বুলি জানিব পৰা গৈছে।