NORTHEAST NOW (Assamese)
অসম

এটা ইনিংছত ১০ টা উইকেট দখলেৰে ইতিহাস গঢ়িলে অসমৰ নৱতম স্পীন চাঞ্চল্যই

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 13, 2019 8:46 pm
arpan dutta takes 10 Wicket

বিগত কিছুমাহ পূৰ্বে মণিপুৰৰ বাওঁহতীয়া বেগী বলাৰ ৰেক্স সিঙে ৰঞ্জী ট্ৰফীত এটা ইনিংছত দহটা উইকেট দখল কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হোৱাৰ পাছত অসমৰ এগৰাকী উদীয়মান বলাৰে এটা ইনিংছত দহটা উইকেট দখল কৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে অসমৰ ক্ৰিকেট জগতত।

শিৱসাগৰ জিলাৰ বাওঁহতীয়া অৰ্থ’ডক্স স্পিন বলাৰ অৰ্পন দত্তই বুধবাৰে অনুষ্ঠিত নুৰুদ্দিন আদমেদ ছিনিয়ৰ আন্তঃজিলা ক্ৰিকেট প্ৰতিযোগিতাত চৰাইদেওৰ বিৰুদ্ধে এটা ইনিংছত ১০ টা উইকেট দখল কৰি প্ৰতিযোগিতাখনত প্ৰথমবাৰৰ বাবে এটা ইনিংছত আটাইকেইটা উইকেট দখল কৰাৰ অনাকাংক্ষিত অভিলেখৰ অধিকাৰী হয়।

চৰাইদেওৰ বিৰুদ্ধে খেলখনত অৰ্পনে ১৯ অভাৰ বলিং কৰি ২.৫৩ ইকোনোমিৰে ৪৮ ৰাণ খৰছ কৰি দহটা য়ুইকেট দখল কৰিবলৈ সক্ষম হয়। অৰ্পনৰ যাদুকৰী বলিঙৰ আগত কোনোধৰণৰ প্ৰতিৰোধ গঢ়িব নোৱাৰি চৰাইদেৱে খেলখনত শোচনীয় পৰাজয় স্বীকাৰ কৰে।

দুৰ্দান্ত বলিঙৰ বাবে ম্যান অব দ্যা মেচৰ সন্মান লাভ কৰে তৰুণ বাওহতীয়া বলাৰগৰাকীয়ে।

১৯৯৩ চনৰ ১৬ নবেম্বৰত জন্মগ্ৰহণ কৰা অৰ্পনে ইয়াৰ পূৰ্বে ডিব্ৰুগড় ক্ৰিকেট ক্লাৱৰ হৈ খেলিছিল। চলিত নুৰুদ্দিন আহমেদ ছিনিয়ৰ আন্তঃজিলা ক্ৰিকেট প্ৰতিযোগিতাখনত অৰ্পনে বৰ্তমানলৈ চাৰিখন খেলত অংশলৈ মিতব্যয়ী বলিঙেৰে ১৮ টা উইকেট দখল কৰিবলৈ সক্ষম হৈছে।

আনহাতে, শিৱসাগৰৰ প্ৰতিভাৱান বলাৰগৰাকীৰ উত্থানত অসম ক্ৰিকেটত যথেষ্ট আশাৰ সঞ্চাৰ হৈছে।