NORTHEAST NOW (Assamese)
অসম

ভূপেন বৰাৰ বাসগৃহত দুৰ্বৃত্তৰ আক্ৰমণ : ভাঙি লণ্ড-ভণ্ড কৰিলে দুৱাৰ, খিৰিকী, গ্ৰীল, শোৱনি কোঠাৰ আচ-বাব

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী July 7, 2024 7:23 pm
ভূপেন বৰাৰ বাসগৃহত দুৰ্বৃত্তৰ আক্ৰমণ : ভাঙি লণ্ড-ভণ্ড কৰিলে দুৱাৰ, খিৰিকী, গ্ৰীল, শোৱনি কোঠাৰ আচ-বাব

দুৰ্বৃত্তৰ আক্ৰমণত ক্ষতিগ্ৰস্ত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন কুমাৰ বৰাৰ বিহপুৰীয়াৰ বাসগৃহ।

শনিবাৰে নিশা অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন কুমাৰ বৰাৰ বিহপুৰীয়া সমষ্টিৰ ভোগপুৰৰ বাসগৃহত একাংশ দুৰ্বৃত্ত সোমাই ঘৰৰ দুৱাৰ, খিৰিকী, সন্মুখৰ গ্ৰীল ভাঙি লণ্ড-ভণ্ড কৰাৰ লগতে শোৱনি কোঠাৰ আচ-বাব, লকাৰ ভাঙি সা-সম্পত্তি লুট কৰি নিয়ে৷

অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতিজনৰ ঘৰত আৰক্ষীয়ে কোনো পহৰাৰ ব্যৱস্থা নকৰাৰ বাবেই এইদৰে আক্ৰমণ চলাবলৈ সুযোগ লাভ কৰে দুৰ্বৃত্তই।

অৱশ্যে ভূপেন কুমাৰ বৰা বানপীড়িত এলেকা পৰিদৰ্শন কৰি থকাৰ বাবে ভোগপুৰত নাছিল আৰু অনাহুত এক পৰিস্থিতিৰ পৰা ৰক্ষা পৰিল৷

অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে এই ঘটনাক তীব্ৰ নিন্দা কৰিছে আৰু সভাপতিজনৰ জীৱনৰ নিৰাপত্তাৰ প্ৰতি আহি পৰা ভাবুকি পৰ্যবেক্ষণ কৰিবলৈ মুখ্যমন্ত্ৰীক দাবী জনাইছে৷

এক বিবৃতিত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ মিডিয়া বিভাগৰ অধ্যক্ষ শ্ৰী বেদব্ৰত বৰাই এয়া ৰাজনৈতিক অভিসন্ধি বুলি উল্লেখ কৰে৷ বৰাই কয় যে সভাপতিজনক আক্ৰমণ কৰি অসম প্ৰদেশ কংগ্ৰেছৰ নেতা-কৰ্মীসকলক ভয় খুৱাবলৈ অপচেষ্টা কৰিছে একাংশ ৰাজনৈতিক নেতাই৷ সমগ্ৰ বিষয়টোৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী জনাইছে বেদব্ৰত বৰাই৷