NORTHEAST NOW (Assamese)
অসম

কাৰ্বি আংলঙত উদ্ধাৰ দুই মৃত হাতী: বিদ্যুৎস্পৃষ্ট হৈ মৃত্যুৰ সন্দেহ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী December 9, 2023 6:55 pm
elephants found dead

ৰাজ্যৰ কাৰ্বি আংলং জিলাৰ পূব ডিগাৰু অঞ্চলত আজি পুৱা দুটাকৈ হাতী মৃত অৱস্থাত উদ্ধাৰ হয়। হাই ভল্টেজ বিদ্যুৎ সংযোগী তাঁৰৰ পৰা বিদ্যুৎস্পৃষ্ট হৈ হাতীকেইটাৰ মৃত্যু হোৱা বুলি সন্দেহ কৰা হৈছে।

স্থানীয় লোকে হাতীদুটাৰ মৃতদেহকেইটা উদ্ধাৰ কৰাৰ পিছতে বন বিভাগক এই বিষয়ে অৱগত কৰে আৰু বন বিভাগৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ ঘটনাৰ তদন্ত আৰম্ভ কৰে।

হাতীকেইটা কিদৰে বিদ্যুৎ পৰিবাহী তাঁৰৰ সংস্পৰ্শলৈ আহিল, সেয়া জানিব পৰা হোৱা নাই। শস্যৰ ভূমিত বন্যপ্ৰাণী প্ৰৱেশ কৰিব নোৱাৰাকৈ তাঁৰ লগোৱাৰ ফলত হাতীদুটাৰ মৃত্যু হ’ব পাৰে বুলিও সন্দেহ কৰা হৈছে।

ইফালে নগাঁও জিলাৰ কামপুৰত চিকিৎসাধীন অৱস্থাত আজি এটি নৱজাত হাতী পোৱালিৰ মৃত্যু হয়।শুকুৰবাৰে জন্মগ্ৰহণ কৰা পোৱালিটো কিছু সময়ৰ পিছতে অসুস্থ হৈ পৰা বুলি জানিব পৰা গৈছে।

বন বিষয়াসকলে পোৱালিটোক উদ্ধাৰ কৰি চিকিৎসালয়লৈ লৈ যায় যদিও দুৰ্ভাগ্যজনকভাৱে চিকিৎসাৰ সময়ত পোৱালিটোৰ মৃত্যু হয়।