NORTHEAST NOW (Assamese)

কেইবাখনো গাড়ীক খুন্দিয়াই বাগৰিল কয়লাভৰ্তি ট্ৰাক, সংকটজনক অৱস্থাত দুজন লোক

January 20, 2021 11:20 am · ৰিদিপ শৰ্মা
ফটো : নৰ্থ-ইষ্ট নাও

মঙলবাৰে নিশা কলিয়াবৰৰ জখলাবন্ধাৰ হাস্পতাল চাৰিআলিত সংঘটিত হয় এটি পথ দুৰ্ঘটনা।

কলিয়াবৰ প্ৰেছ ক্লাবৰ সমীপত সংঘটিত এই পথ দুৰ্ঘটনাটোত কোনো লোকৰ মৃত্যু হোৱা নাই যদিও দুজন লোক গুৰুতৰভাৱে আহত হৈছে।

জানিব পৰা মতে নিশা ৯.৩০ মান বজাত এখন কয়লাভৰ্তি ট্ৰাকে নিয়ন্ত্ৰণ হেৰুৱাই কেইবাখনো গাড়ীক খুন্দিয়াই ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ দ-খাৱৈত বাগৰি পৰে।

এই দুৰ্ঘটনাটোত ট্ৰাকখনৰ চালক আৰু হেণ্ডিমেনজন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় যদিও আন বাহন কেইখনৰ যাত্ৰীসকলৰ কথমপি প্ৰাণ ৰক্ষা পৰে।

জানিব পৰা মতে, কয়লা কঢ়িওৱা ট্ৰাকৰ চালকজনে সুৰামত্ত অৱস্থাত তীব্ৰ গতিত টাৰ্ণিং লোৱাৰ বাবে এই দুৰ্ঘটনাটো সংঘটিত হয়।

উল্লেখ্য যে ঘটনাটো সংঘটিত হোৱাৰ পিছতে জখলাবন্ধা আৰক্ষী আৰু স্থানীয় লোকৰ তৎপৰতাত ট্ৰাকৰ চালক¸ হেণ্ডিমেনক সংকটজনক অৱস্থাত গাড়ীখনৰ তলৰ পৰা উদ্ধাৰ কৰি জখলাবন্ধা হাস্পতালত ভৰ্তি কৰে।

কিন্তু তেওঁলোক দুয়োজনৰে স্বাস্থ্যৰ অৱস্থা অতি সংকটজনক হোৱা বাবে লগে লগে তেজপুৰ মেডিকেললৈ প্ৰেৰণ কৰা হয়।

আহত লোক দুজন উত্তৰ প্ৰদেশৰ অযোধ্যাৰ ক্ৰমে সঞ্জয় কুমাৰ প্ৰজাপতি আৰু অশোক কুমাৰ যাদৱ বুলি চিনাক্ত কৰা হৈছে।

দুৰ্ঘটনাগ্ৰস্ত ট্ৰাকখনৰ নম্বৰ য়ুপি ৪২ বিটি ১৮৭০।

Related News