NORTHEAST NOW (Assamese)

জম্মু-কাশ্মীৰত সেনা-সন্ত্ৰাসবাদীৰ সংঘৰ্ষ: নিহত দুই সন্ত্ৰাসবাদী সদস্য, এগৰাকী সেনা জোৱান নিহত

September 13, 2023 5:57 pm · এন ই নাও নিউজ, গুৱাহাটী

জম্মু-কাশ্মীৰৰ ৰাজৌৰী জিলাত পুনৰ সংঘটিত হৈছে নিৰাপত্তাৰক্ষী আৰু সন্ত্ৰাসবাদীৰ সংঘৰ্ষ। এই সংঘৰ্ষত দুজন সন্ত্ৰাসবাদী সদস্য নিহত হোৱাৰ লগতে প্ৰাণ হেৰুৱাইছে এগৰাকী সেনা জোৱানেও।

সন্ত্ৰাসবাদীৰ গুলীত তিনিজন নিৰাপত্তাৰক্ষী আহত হোৱা বুলি জানিব পৰা গৈছে। আনহাতে সেনাৰ কেণ্ট নামৰ এটি ছবছৰীয়া লেব্ৰাডৰ প্ৰজাতিৰ স্নিফাৰ ডগৰো সংঘৰ্ষৰ সময়ত মৃত্যু হয়।

প্ৰকাশিত খবৰ অনুসৰি মঙলবাৰে সন্ধিয়াৰ পৰা চলি আছে এই সংঘৰ্ষ। জম্মুৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান মুকেশ সিঙৰ ভাষ্য মতে, তালাচী অভিযানৰ সময়ত সন্ত্ৰাসবাদী আৰু জোৱানৰ মাজত সংঘৰ্ষৰ সূত্ৰপাত হয়।

সেনাৰ তথ্য অনুসৰি, যোৱা ৭ ছেপ্টেম্বৰত ভাৰতীয় সেনা আৰু জম্মু-কাশ্মীৰ আৰক্ষীয়ে দুগৰাকী সন্ত্ৰাসবাদীৰ গতিবিধি নিৰীক্ষণৰ বাবে এক যৌথ অভিযান আৰম্ভ কৰিছিল।

মঙলাবাৰে দুই সন্ত্ৰাসবাদী সদস্যক অভিযানকাৰী দলটোৱে ঘেৰি ধৰে আৰু দুয়োপক্ষৰ মাজত প্ৰচণ্ড গুলীবৰ্ষণ হয়। এই এনকাউণ্টাৰত এজন সন্ত্ৰাসবাদী সদস্য নিহত হয়।

আনহাতে আনগৰাকী সন্ত্ৰাসবাদীৰ আজি পুৱতি নিশা মৃত্যু হয় বুলি সেনাই এক বিবৃতিত প্ৰকাশ কৰিছে। উল্লেখ্য যে, কিছুবছৰ পূৰ্বে ৰাজৌৰী আৰু পুঞ্চক উগ্ৰপন্থী মুক্ত অঞ্চল হিচাপে গণ্য কৰা হৈছিল।

কিন্তু শেহতীয়া কেইমাহমানৰ পৰা এই দুয়োটা অঞ্চলতে সন্ত্ৰাসবাদীৰ কাৰ্যকলাপ দ্ৰুতগতিত বৃদ্ধি পাইছে বুলি সেনাৰ অভিযানসমূহেই প্ৰকাশ কৰিছে।

Related News