NORTHEAST NOW (Assamese)
অসম

কাশ্মীৰৰ কুলগ্ৰামত গোটেই নিশাজুৰি চলা তুমুল সংৰ্ঘষত নিহত ২সন্ত্ৰাসবাদী

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 10, 2020 10:36 am
jammu-kashmir-2-terrorists-killed-in-kulgam-encounter

জম্মু আৰু কাশ্মীৰৰ কুলগ্ৰাম জিলাত সুৰক্ষাবাহিনীৰ সৈতে গোটেই নিশা ধৰি চলা গুলীয়াগুলিত দুজন সন্ত্ৰাসবাদী নিহত হয়।

বাতৰি অনুসৰি, এক গোপন সূত্ৰৰ ভিত্তিত শুকুৰবাৰে সন্ধিয়া কুলগ্ৰামত আৰক্ষী আৰু সুৰক্ষা বাহিনীৰ যৌথ অভিযানকাৰী দলে সন্ত্ৰাসবাদীসকলৰ এটা গোপন ঘাটি ঘেৰি পেলায়।

উপায়হীন হৈ পৰা সন্ত্ৰাসবাদীৰ দলে আঁৰ লৈ অভিযানকাৰী দলৰ ওপৰত গুলীচালনা কৰিবলৈ আৰম্ভ কৰে। প্ৰত্যুত্তৰত আৰক্ষী আৰু সুৰক্ষা বাহিনীয়েও গুলীচালনা কৰে।

শনিবাৰে পুৱা জম্মু আৰু কাশ্মীৰ আৰক্ষীৰ ফালৰ পৰা জনোৱা হয় যে উক্ত সংঘৰ্ষত দুজন অচিনাক্ত সন্ত্ৰাসবাদী নিহত হৈছে।

ইপিনে, শনিবাৰে পুৱাও দুই পক্ষৰ মাজত বহুসময় ধৰি সংঘৰ্ষ অব্যাহত থাকে।

আৰক্ষীয়ে দাবী কৰা মতে নিহত সন্ত্ৰাসবাদীৰ পৰিচয় উদ্ধাৰ কৰা হৈছে যদিও সেই বিষয়ে বিতং তথ্য প্ৰকাশ কৰা নাই।

যোৱা বুধবাৰেও কাশ্মীৰৰ ছোপিয়ান জিলাত সংঘটি এক সংঘৰ্ষত দুজন সন্ত্ৰাসবাদী নিহত হৈছিল।