NORTHEAST NOW (Assamese)
অসম

১৯ বছৰ অনূৰ্ধ ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন ক্ৰিকেটাৰ সুৰেশ কুমাৰৰ আত্মহত্যা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 10, 2020 10:43 am

ভাৰতীয় ১৯ বছৰ অনূৰ্ধ ক্ৰিকেট দলৰ প্ৰাক্তন লেগ স্পীনাৰ সুৰেশ কুমাৰে নিজ বাসভৱনত চিপ লৈ আত্মহত্যা কৰা খবৰে চাঞ্চল্যৰ সৃষ্টি কৰিছে।

কেৰালাৰ বাওঁহতীয়া লেগ স্পীনাৰ গৰাকীয়ে শুকুৰবাৰে নিশা আলাপ্পুঝাৰ নিজ বাসভৱনত চিপ লৈ আত্মহত্য কৰে।

”যদিও স্থানীয় লোকে এয়া আত্মহত্যা বুলি উল্লেখ কৰিছে আমি পৰৱৰ্তী সময়ত তদন্ত অব্যাহত ৰাখিম,” কেৰালা আৰক্ষীয়ে এইদৰে কয়।

ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন নিৰ্ভৰযোগ্য মিডল অৰ্ডাৰ বেটছমেন ৰাহুল ড্ৰাবিড়ৰ নেতৃত্বত ১৯৯০ চনত সুৰেশ কুমাৰে ১৯ বছৰ অনূৰ্ধ ভাৰতীয় ক্ৰিকেট দলৰ হৈ অভিষেক ঘটাইছিল।

সুৰেশ কুমাৰ ভাৰতীয় ১৯ বছৰ অনূৰ্ধ ক্ৰিকেট দলক প্ৰতিনিধিত্ব কৰা প্ৰথম গৰাকী কেৰালাৰ ক্ৰিকেটাৰ আছিল।

আনহাতে, মৃত্যুৰ সময়ত সুৰেশ কুমাৰ ভাৰতীয় ৰে’লৱেত কৰ্মৰত আছিল।