NORTHEAST NOW (Assamese)

ত্ৰিপুৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা দুই মহিলা সাংবাদিকৰ জামিন

November 15, 2021 6:03 pm · এন ই নাও নিউজ, গুৱাহাটী

ত্ৰিপুৰা আৰক্ষীয়ে দেওবাৰে গ্ৰেপ্তাৰ কৰা দুগৰাকী মহিলা সাংবাদিকক আজি স্থানীয় আদালতে জামিন প্ৰদান কৰে। ৰাজ্যখনত শেহতীয়াকৈ সংঘটিত সাম্প্ৰদায়িক হিংসাৰ বিষয়ে প্ৰতিবেদন দিয়াৰ বাবে গ্ৰেপ্তাৰ কৰা হৈছিল সাংবাদিক দুগৰাকীক।

এইচডব্লিউ নিউজ নেটৱৰ্কত কৰ্মৰত সাংবাদিক সমৃদ্ধি চাকুনিয়া আৰু স্বৰ্ণ ঝাক উদয়পুৰ চিজেএম আদালতে ৭৫,০০০ টকাৰ জামিন বণ্ডত জামিন প্ৰদান কৰে।

অসম আৰক্ষীয়ে দেওবাৰে কৰিমগঞ্জত সাংবাদিক দুজনক ত্ৰিপুৰাৰ পৰা শিলচৰলৈ যোৱাৰ পথত আটক কৰিছিল।

ত্ৰিপুৰাৰ ফতিক্ৰয় আৰক্ষী থানাত বিশ্ব হিন্দু পৰিষদৰ সমৰ্থকে দাখিল কৰা অভিযোগৰ ভিত্তিত ত্ৰিপুৰা আৰক্ষীয়ে তেওঁলোকক গ্ৰেপ্তাৰ কৰিছিল।

উল্লেখ্য দেওবাৰে পুৱা ৫-৩০ বজাত মহিলা সাংবাদিক দুগৰাকীৰ বিৰুদ্ধে ফাটিক্ৰয় আৰক্ষী থানাত এজাহাৰ দাখিল হৈছিল। কিন্তু আৰক্ষীয়ে তেওঁলোকৰ বিৰুদ্ধে কোনো গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰা নাছিল।

ত্ৰিপুৰাৰ বিশ্ব হিন্দু পৰিষদৰ এগৰাকী নেতাৰ এজাহাৰৰ ভিত্তিতে মহিলা সাংবাদিক দুগৰাকীৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ১২০ খ,১৫৩ক আৰু ৫০৪ ধাৰাত গোচৰ ৰুজু কৰা হৈছিল।

সাংবাদিক দুগৰাকীৰ বিৰুদ্ধে ত্ৰিপিুৰাৰ চৰকাৰ আৰু বিশ্ব হিন্দু পৰিষদৰ ভাৱমূৰ্তি ম্লান কৰিব পৰা বাতৰি পৰিবেশনৰ অভিযোগ অনা হৈছিল।

উল্লেখ্য ত্ৰিপুৰাৰ গোষ্ঠী সংঘৰ্ষকলৈ মহিলা সাংবাদিক দুগৰাকীয়ে চৰকাৰ আৰু একাংশ হিন্দুত্ববাদী সংগঠনক সমালোচনা কৰি ধাৰাবাহিক ভাবে বাতৰি পৰিবেশন কৰি আহিছিল।

Related News