NORTHEAST NOW (Assamese)
অসম

নলবাৰীত অগপৰ ২০খন আঞ্চলিকৰ “কেব”ৰ বিৰোধিতাত প্ৰস্তাৱ লৈ কেন্দ্ৰীয় নেতৃত্বলৈ প্ৰেৰণ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 7, 2019 9:32 pm

অগপৰ ২০খন আঞ্চলিকে একেলগে দৃষ্টান্তমূলক স্থিতিৰে দলটোৰ শীৰ্ষ নেতৃত্বৰ বিৰুদ্ধে মুকলিকৈ মুৰ্দাবাদ ধ্বনি দিয়ে।

জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ কৌশলী স্থিতি লোৱা দলটোৰ শীৰ্ষস্থানৰ আৰু মন্ত্ৰীসভাত মন্ত্ৰিত্ব লৈ থকা তিনিজন নেতা ক্ৰমে অতুল বৰা, কেশৱ মহন্ত আৰু ফণীভূষণ চৌধুৰীৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰে।

আজি আঞ্চলিক দলটোৰ নলবাৰী সমষ্টিৰ সমিতিখন নতুনকৈ গঠন কৰাৰ উদ্দেশ্যে অনুষ্ঠিত সভাত এই অভাৱনীয় ঘটনাটো ঘটে।

কমিটী গঠনৰ পূৰ্বেই সমবেত কৰ্মীসকলে “অতুল বৰা গ’ বেক, অতুল বৰা মুৰ্দাবাদ, কেশৱ মহন্ত মুৰ্দাবাদ, ফণীভূষণ চৌধুৰী মুৰ্দাবাদ” ধ্বনিৰে সভাগৃহ উত্তাল কৰি তোলে।

দলটোৰ শীৰ্ষ নেতৃত্ব বিতৰ্কিত বিধেয়কখনৰ সমৰ্থনত থিয় হোৱাক লৈ তেওঁলোকে তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰে। তিনিওজনকে “বিজেপিৰ ভৰি চেলেকা নেতা আৰু দলটোৰ পৰা ওলাই যাওক” বুলিও তৃণমূলৰ কৰ্মীসকলক ধ্বনি দিয়া শুনা যায়।

সভাত সমবেত গোটেই ২০খন আঞ্চলিকৰ নেতা-কৰ্মীয়ে “কেব”ৰ স্পষ্ট বিৰোধিতা কৰে আৰু উপস্থিত জিলাৰ নেতৃত্বক কেবৰ বিৰোধিতা কৰি প্ৰস্তাৱ ল’বলৈ হেঁচা দিয়ে।

প্ৰথমে জিলাৰ নেতৃত্ব সন্মত হোৱা নাছিল যদিও তৃণমূল কৰ্মীৰ দৃঢ় স্থিতিত সেয়া মানি লৈ প্ৰস্তাৱ লিখা হয় আৰু জিলাৰ সভাপতি আনন্দ ৰাজবংশীয়ে স্বাক্ষৰ কৰে।

প্ৰস্তাৱটো কেন্দ্ৰীয় কমিটীৰ প্ৰতিনিধি হিচাপে উপস্থিত থকা দিলীপ পাটগিৰীৰ হাতত কেন্দ্ৰীয় নেতৃত্বলৈ প্ৰেৰণ কৰা হয়।

আনহাতে এই সভাখনলৈ গুৱাহাটীৰ পৰা গৈ থকাৰ বাটতে কেন্দ্ৰীয় কমিটীৰ প্ৰতিনিধিক আছুৱে আগচি ধৰে।

আছুৱে বাটত আগচি ধৰিবলৈ ৰৈ আছে বুলি জানিব পাৰি গুৱাহাটীৰ পৰা গৈ থকা কেন্দ্ৰীয় কমিটীৰ সাধাৰণ সম্পাদক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই বাটৰ পৰাই ঘূৰে।

তাৰ পিছত দিলীপ পাটগিৰীক পঠোৱা হয় যদিও তেওঁক আছুৱে এম এন চি মহাবিদ্যালয়ৰ সন্মুখত আগচি ধৰি বিভিন্ন প্ৰশ্নেৰে জবাবদিহি কৰে।