NORTHEAST NOW (Assamese)
Popular Stories

জাতিগত বৈষম্য! এছ আই টিক তদন্তৰ দায়িত্ব আইআইটি, বোম্বেৰ ছাত্ৰৰ আত্মহত্যা কাণ্ডৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 1, 2023 9:15 am

যোৱা ১২ ফেব্ৰুৱাৰীত ইণ্ডিয়ান ইনষ্টিটিউট অৱ টেকন’লজি, চমুকৈ আইআইটি, বোম্বেত সংঘটিত হোৱা এগৰাকী ১৮ বছৰীয়া ছাত্ৰৰ আত্মহত্যাৰ ঘটনাৰ তদন্ত চলাবলৈ মহাৰাষ্ট্ৰ চৰকাৰে গঠন কৰিছে বিশেষ তদন্তকাৰী দল (এছ আই টি)।

এগৰাকী জ্যেষ্ঠ আৰক্ষী বিষয়াৰ নেতৃত্বত গঠিত এই এছ আই টি- এ গোচৰটোৰ তদন্ত কৰিব বুলি এগৰাকী আৰক্ষী বিষয়াই সদৰী কৰিছে। ২৪ ফেব্ৰুৱাৰীত চৰকাৰে ছোলাংকিৰ মৃত্যুৰ তদন্তৰ নিৰ্দেশ দিছিল বুলি বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে।

যুটীয়া আৰক্ষী আয়ুক্ত লক্ষ্মী গৌতমৰ নেতৃত্বত গঠিত এছ আই টিয়ে গোচৰটো পুনৰ পৰ্যবেক্ষণ কৰি ছোলাংকীৰ পিতৃ-মাতৃ, প্ৰতিষ্ঠানটোৰ বিষয়া আৰু ঘটনাৰ সাক্ষী হোৱা ছাত্ৰ-ছাত্ৰীৰ বক্তব্য লিপিবদ্ধ কৰিব বুলিও তেওঁ কয়।

উল্লেখ্য যে, গুজৰাটৰ আহমেদাবাদৰ দৰ্শন ছোলাংকি নামৰ ছাত্ৰগৰাকীয়ে এইবাৰ বি টেক (কেমিকেল) পাঠ্যক্ৰমৰ প্ৰথম ষান্মাসিকৰ পৰীক্ষাত অৱতীৰ্ণ হৈছিল।

ছাত্ৰগৰাকীয়ে যোৱা ১২ ফেব্ৰুৱাৰীত কেম্পাছত অৱস্থিত হোষ্টেল বিল্ডিঙৰ সপ্তম মহলাৰ পৰা জপিয়াই আত্মহত্যা কৰিছিল।

এই ঘটনাৰ পাছতে ছাত্ৰগৰাকীৰ পৰিয়ালে ছোলাংকি অনুসূচিত জাতি সম্প্ৰদায়ৰ হোৱাৰ বাবে আই আই টি বিত জাতিগত বৈষম্যৰ সন্মুখীন হৈছিল আৰু সেইবাবেই আত্মহত্যা কৰা বুলি অভিযোগ কৰিছিল।

এক দলিত ছাত্ৰ সংগঠনেও অনুৰূপ অভিযোগ তুলি শিক্ষা প্ৰতিষ্ঠানটোত অনুসূচিত জাতিৰ ছাত্ৰসকল উচ্চ জাতিৰ শিক্ষাৰ্থীৰ পৰা আতিশয্যৰ সন্মুখীন হোৱা বুলি দাবী কৰিছিল।

ইফালে গুজৰাটৰ বিধায়ক তথা দলিত নেতা জিগনেশ মেৱানীয়ে ছোলাংকিৰ আত্মহত্যাক সন্দেহজনক বুলি অভিহিত কৰি তদন্তৰ দাবী জনাইছিল।