NORTHEAST NOW (Assamese)
অসম

১১দিনৰ ৰক্তাক্ত সংঘৰ্ষৰ অৱসান! অৱশেষত ইজৰাইল-পেলেষ্টাইনৰ যুদ্ধ বিৰতি ঘোষণা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 21, 2021 8:53 am
Israel-palestain ceasefire

অৱশেষত ইজৰাইল আৰু পেলেষ্টাইনে যুদ্ধ বিৰতি ঘোষণা কৰিছে। ১১দিন ধৰি চলা ৰক্তাক্ত সংঘৰ্ষৰ পাছত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

দেশ দুখনৰ যুদ্ধ বিৰতিৰ ঘোষণাই গোটেই বিশ্ববাসীৰ বাবে এক স্বস্তি কঢ়িয়াই আনিছে। কিয়নো এই যুদ্ধই বিশ্বযুদ্ধৰ সূচনা কৰাৰ আশংকাই দেখা দিছিল।

বাতৰি অনুসৰি, ইজৰাইৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৰ সুৰক্ষা মন্ত্ৰী পৰিষদে গাজা উপত্যকাত ১১দিনীয়া সামৰিক অভিযান বন্ধৰ যুদ্ধ বিৰতিত অনুমোদন জনাইছে।

হামাছৰ ফালৰ পৰাও যুদ্ধ বিৰতিৰ বাতৰি নিশ্চিত কৰা হৈছে। শুকুৰবাৰৰ পুৱতি নিশা ৪বজাৰ পৰা এই যুদ্ধ বিৰতি কাৰ্যকৰী হোৱা বুলি কোৱা হৈছে।

দেশ দুখনৰ মাজত সংঘটিত এই যুদ্ধত তুৰস্ক, ৰাছিয়া আৰু আমেৰিকাৰ প্ৰত্যক্ষ প্ৰৱেশৰ সম্ভাৱনা যথেষ্ট বৃদ্ধি পাইছিল আৰু ফলত এই যুদ্ধই বিশ্বযুদ্ধৰ ৰূপ লোৱাৰ আশংকা কৰা হৈছিল।

বৃহস্পতিবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বিডেনে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৰ সৈতে ফোনত কথা পাতে। পাছত হোৱাইট হাউছৰ পৰা দিয়া বিবৃতিত ৰাষ্ট্ৰপতি বিডেনে ইজৰাইল আৰু পেলেষ্টাইনৰ মাজত যুদ্ধবিৰতিৰ সপক্ষে মন্তব্য কৰিছিল।

গাজাৰ স্বাস্থ্য মন্ত্ৰ্যালয়ে জানিবলৈ দিয়া মতে এই যুদ্ধত এতিয়ালৈকে ৬৪টি শিশু আৰু ৩৮গৰাকী মহিলাকে ধৰি কমেও ২২৭জন পেলেষ্টাইনী নাগৰিক নিহত হৈছে আৰু ১,৬২০গৰাকী লোক আহত হৈছে।

তদুপৰি, এই যুদ্ধৰ ফলত প্ৰায় ৫৮,০০০পেলেষ্টাইনী নাগৰিকে নিজৰ ঘৰ-বাৰী এৰি পলাবলগীয়া হৈছে।

ইজৰাইল আৰু পেলেষ্টাইনৰ মাজত ১১দিন জোৰা ৰক্তক্ষয়ী সংঘৰ্ষৰ পাছত উভয় দেশে যুদ্ধ বিৰতি ঘোষণা কৰা কাৰ্যক আন্তৰ্জাতিক মহলে আদৰণি জনাইছে।