NORTHEAST NOW (Assamese)
অসম

গ্ৰাম্যাঞ্চলৰ ২০ শতাংশ ছাত্ৰ-ছাত্ৰী বিনা পাঠ্যপুথিৰে গ্ৰহণ কৰি আছে শিক্ষা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 29, 2020 1:20 pm

চৰকাৰে ‘ডিজিটেল শিক্ষা’ প্ৰণালীত অধিক মনোনিৱেশ কৰিছে যদিও দেশৰ শিক্ষা ব্যৱস্থা প্ৰকৃততে কোন দিশে গতি কৰিছে সেয়া প্ৰকাশ পাইছে শেহতীয়া এক সমীক্ষাত।

দেশৰ গ্ৰাম্যাঞ্চলৰ ২০ শতাংশ ছাত্ৰ-ছাত্ৰী বিনা পাঠ্যপুথিৰে শিক্ষা গ্ৰহণ কৰি থকা বুলি এই সমীক্ষাটোত প্ৰকাশ পাইছে।

ছেপ্তেম্বৰ মাহত এনুৱেল ষ্টেট অফ এডুকেশ্যনে ৰিপ’ৰ্ট নামৰ সংস্থা এটাই চলোৱা সমীক্ষাত প্ৰকাশ পাইছে এই তথ্য।

উল্লেখ্য যে, ক’ভিড-১৯ৰ মহাসংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি যোৱা মাৰ্চ মাহৰ পৰা এই পৰ্যন্ত দেশৰ শিক্ষানুষ্ঠানসমূহ বন্ধ হৈ আছে।

সমীক্ষাটোৰ মতে, অন্ধ্ৰপ্ৰদেশৰ ৩৫ শতাংশৰো কম আৰু ৰাজস্থানৰ মাত্ৰ ৬০ শতাংশ ছাত্ৰ-ছাত্ৰীৰ হাততহে পাঠ্যপুথি আছে।

ইফালে পশ্চিমবংগ, নাগালেণ্ড আৰু অসমৰ ৯৮ শতাংশ শিক্ষাৰ্থীৰ হাতত পাঠ্যপুথি আছে বুলি সমীক্ষাটোত প্ৰকাশ পায়।

সমীক্ষাটো চলোৱা প্ৰথম সপ্তাহৰ তথ্য অনুসৰি, গ্ৰাম্যাঞ্চলৰ এক তৃতীয়াংশ শিক্ষাৰ্থীয়ে উক্ত সময়ছোৱাত পাঠ্যক্ৰমৰ জ্ঞান আহৰণ কৰা নাই।

আনহাতে সেই সময়চোৱাতে দুই তৃতীয়াংশ শিক্ষাৰ্থীৰ হাতত শিকাৰ কোনো সামগ্ৰী নাই অথবা বিদ্যালয়ৰ ফালৰ পৰাও কোনো ধৰণৰ কাৰ্যকলাপ প্ৰদান কৰা নাই।

আনহাতে দহজনৰ এজন শিক্ষাৰ্থীয়ে অনলাইন শিক্ষা গ্ৰহণ কৰিবলৈ সক্ষম হৈছে।

উল্লেখ্য যে ষ্টেট অফ এডুকেশ্যনে ৰিপ’ৰ্টৰ মতে চলিত বৰ্ষত গ্ৰাম্যাঞ্চলৰ ৫.৩ শতাংশ শিশুৱে এই পৰ্যন্ত বিদ্যালয়ত নামভৰ্তি কৰা নাই। ২০১৮ বৰ্ষত এই হাৰ আছিল ১.৮ শতাংশ।