NORTHEAST NOW (Assamese)
অসম

বিছনাৰ ভিতৰত ২০ বছৰীয়া টিকটক ষ্টাৰৰ মৃতদেহ উদ্ধাৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 30, 2020 7:05 pm

টিকটকত ১.৩ লাখ ফলোৱাৰ থকা শিৱাংগী নামৰ এগৰাকী ২০ বছৰীয়া টিকটক ষ্টাৰৰ মৃতদেহ হাৰিয়ানাৰ সোনিপটত নিজৰ বিউটি চেলুনত উদ্ধাৰ হয়।

এই ঘটনাৰ লগত জড়িত থকা অভিযোগত আৰক্ষীয়ে এতিয়ালৈ এগৰাকী লোকক আটক কৰিছে।

শিৱাংগীৰ পৰিয়ালৰ লোকৰ অভিযোগ মতেই লোকজনক আটক কৰা হয়। পৰিয়ালৰ লোকে আৰক্ষীৰ আগত উল্লেখ কৰা অনুসৰি লোকজনে বহুদিনৰ পৰা শিৱাংগীক আতিশায্য চলায় আহিছিল।

আনহাতে, আৰক্ষীৰ জিম্মাত লোকজনে শিৱাংগীক হত্যা কৰা বুলি স্বীকাৰ কৰে।

নিজৰ ভাষ্যত লোকজনে দুপাট্টাৰে শিৱাংগীক হত্যা কৰা বুলি কয়।

উল্লেখযোগ্য যে, ২৫ জুনত চিয়া কক্কৰ নামৰ এগৰাকী ১৬ বছৰীয়া টিকটক ষ্টাৰে আত্মহত্যা কৰিছিল।

”এয়া ব্যক্তিগত সমস্যাৰ বাবে হ’ব পাৰে……কামৰ ক্ষেত্ৰত তাই ভালদৰে আগবাঢ়িছিল। মই যোৱা নিশা তাইৰ লগত নতুন প্ৰজেক্ট সম্পৰ্কত কথা পাতিছিলো আৰু তাই ভালদৰে ইয়াৰ উত্তৰ দিছিল,” চিয়াৰ ব্যক্তিগত মেনেজাৰ অৰ্জুন চাৰিনে টিকটকাৰ গৰাকীৰ আত্মহত্যাৰ পাছত এনেদৰে উল্লেখ কৰিছিল।